নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মুম্বাইৰে যুঁজিব পঞ্জাবে

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ আই পি এলত আজি চেন্নাইত হ’বলগীয়া মেচ খনত প্রতিদ্বন্দ্বিতা আগবঢ়াব মুম্বাই ইণ্ডিয়ানছ আৰু পঞ্জাব কিংছে। আজিৰ এই মেছখন দুয়োটা দলৰ বাবে বিশেষকৈ পঞ্জাৱক জয়লাভ কৰাটো অত্যন্ত প্ৰয়োজন হৈ পৰিছে।

লোকেশ ৰাহুল নেতৃত্বাধীন পঞ্জাৱে এতিয়ালৈকে চাৰিখন মেচ খেলি মাত্ৰ এখনতহে জয়ৰ মুখ দেখিছে। আজিৰ এই বিজয় অপৰিহাৰ্য মেচখনত শীর্ষ স্থানীয় বেটছমেনসকলে নিজৰ ছন্দ অনুসাৰে খেলি দলৰ জয়ত মুখ্য ভূমিকা ল’ব পাৰিব বুলি আশা ব্যক্ত কৰিছে অধিনায়ক ৰাহুলে।

ইপিনে, মুম্বাই ইণ্ডিয়ানছেও আজিৰ মেচখনত জয়ৰ লক্ষ্যৰে নামিব। বিগত মেচকেইখনত মিডলঅর্ডাৰৰ বেটছমেনৰ ব্যর্থতাত চিন্তিত হৈ পৰিছে দলটোৰ অধিনায়ক ৰোহিত শর্মা। এতিয়ালৈকে চাৰিখন মেচ খেলি মাত্র দুখনত জয় আৰু দুখনত পৰাস্ত হোৱা মুম্বাই ইণ্ডিয়ানছে আজিৰ এই মেচখনত বিজয় সাব্যস্ত কৰিব পাৰিব বুলি আত্মবিশ্বাসী।

মঙলবাৰে দিল্লী কেপিটেলছৰে খেলা মেচখনতো ব্যর্থতাৰ বাবেই পৰাস্ত হোৱা বুলি উল্লেখ কৰি অধিনায়ক ৰোহিত শর্মাই কয় যে মিডল অর্ডাৰৰ বেটছমেনৰ ব্যর্থতা আঁতৰাব নোৱাৰিলে মেচত জয়লাভ কৰাটো সহজ নহ’ব। খেলৰ সময়ঃসন্ধিয়া ৭.৩০ বজা।

You might also like