নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চুৰি হোৱা কৰোনা ভেকচিন উভতাই চোৰে লিখিলেঃ দুখিত নাজানিছিলো ভেকচিন আছে বুলি…

নিয়মীয়া বাৰ্তা ২৩ এপ্ৰিলঃ বুধবাৰে হাৰিয়ানাত এক আচৰিত ঘটনা সংঘটিত হ’ল। হাৰিয়ানাৰ জিন্দ জিলাৰ মুখ্য কাৰ্যালয়ৰ অসামৰিক চিকিৎসালয়ৰ পিপি কেন্দ্ৰৰ পৰা প্ৰায় ১৭০০ কৰোনা ভাইৰাছৰ ভেকছিন চোৰ হৈছিল। কিন্তু আচৰিত কথাটো এইটো যে চোৰে ভেকচিন বুলি গম পাই ইয়াক সততাৰে ঘূৰাইও দিলে।

চুৰি হোৱা কৰোনা ভেকচিন বৃহস্পতিবাৰে আৰক্ষী থানাৰ এখন দোকানত থৈ আহিছিল চোৰে চদ্ম বেশ ধৰি। য’ত চোৰে টোকা লিখি থৈ গৈছিলঃ য’ত  লিখিছিল দুঃখিত, মই কৰোনা ঔষধ বুলি নাজানিছিলো।

উল্লেখ্য যে কৰোনাৰ ১৭১০ পালি ভেকচিন হাৰিয়ানাৰ জিন্দৰ অসামৰিক চিকিৎসালয়ৰ পিপি কেন্দ্ৰত ফ্ৰিজত ৰখা হৈছিল। মাজনিশা, দুজন চোৰে কেন্দ্ৰটোৰ তলা ভাঙি ভেকছিন কেইটা চুৰি কৰে। চুৰি হোৱা ভেকছিনকেইটাত ১২৭০ টা কভিশ্বিল্ড আৰু ৪৪০ টা কভেকছিন আছিল। বৃহস্পতিবাৰে ৰাতিপুৱা যেতিয়া কৰ্মচাৰীসকল পিপি কেন্দ্ৰত উপস্থিত হৈছিল তেতিয়া ঘটনাটো পোহৰলৈ আহিছিল

You might also like