নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেষ্টৰ পৰা অৱসৰ মঈনৰ

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰঃ ইংলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ মঈন আলীয়ে টেষ্ট ক্রিকেটক বিদায় জনাইছে৷ সম্প্রতি আই পি এলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলি থকা ৩৪ বছৰীয়া অফস্পিনাৰগৰাকীয়ে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰে৷

৬৪খন টেষ্টত তেওঁ পাঁচটা শতকসহ ২৯১৪ ৰান সংগ্রহ কৰাৰ লগতে ১৯৫টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷ ২০১৪ত টেষ্ট অভিষেক ঘটোৱা মঈন আলীয়ে এদিনীয়া আৰু টি–২০ত অধিক মনোনিৱেশ কৰিবলৈ টেষ্টক বিদায় জনোৱাৰ সিদ্ধান্ত লয়৷

উল্লেখ্য যে ২০১৯ৰ এছেজ শৃংখলাৰ পৰা ইংলেণ্ডৰ হৈ টেষ্ট খেলাৰ সুযোগ নোপোৱা অলৰাউণ্ডাৰগৰাকীক শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত ঘৰুৱা টেষ্ট শৃংখলালৈ আমন্ত্রণ জনোৱা হৈছিল৷ টেষ্ট ক্রিকেটত ৩ হাজাৰ ৰান আৰু ২০০ উইকেট দখল কৰা বিশ্বৰ পঞ্চদশগৰাকী খেলুৱৈ হিচাপে অভিলেখ ৰচিবলৈ মঈন আলীয়ে সুবর্ণ সুযোগ লাভ কৰিছিল যদিও অভিলেখৰ কথা চিন্তা নকৰি তেওঁ টেষ্ট ক্রিকেটক বিদায় জনোৱাৰ সিদ্ধান্ত লয়৷ আগন্তুক টি–২০ বিশ্বকাপত তাৰকাগৰাকীক ইংলেণ্ডৰ জার্ছীত দেখিবলৈ পোৱা যাব৷

You might also like