নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ৰিকেটৰ পিছত এতিয়া ছবি জগতত অভিষেকৰ বাবে সাজু ধোনী!

নিয়মীয়া বাৰ্তা, ২২ জুনঃ ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীয়ে ২০২০ চনৰ ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পিছত এতিয়া ধোনীয়ে আন এক নতুন ইনিংছৰ বাবে সাজু হৈছে। ৰিপ’ৰ্ট অনুসৰি শীঘ্ৰেই তেওঁ চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিব। লগতে কোৱা হৈছে যে ধোনীৰ চলচ্চিত্ৰ অভিষেক প্ৰযোজক হিচাপে হ’ব আৰু তেওঁ ইয়াক আৰম্ভ কৰিব চাউথ ইণ্ডাষ্ট্ৰীৰ তাৰকা বিজয় থালাপাথীৰ সৈতে।

তাৎপৰ্যপূৰ্ণভাৱে ২০০৮ চনৰ পৰা আই পি এল ফ্ৰেঞ্চাইজি চেন্নাই ছুপাৰ কিংছৰ সৈতে জড়িত হৈ আছে ধোনী। এই কাৰণেই তেওঁৰ দক্ষিণৰ প্ৰতি থকা মোহও অতি বেছি। তাত তেওঁক ‘থালা’ অৰ্থাৎ ডাঙৰ ভাই হিচাপে গণ্য কৰা হয়। ধোনী তামিলনাডুত খুবেই জনপ্ৰিয় আৰু এতিয়া তেওঁ তাত থকা ছবি উদ্যোগটোৰ পৰাই নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিব বিচাৰিছে। শেহতীয়াকৈ তেওঁৰ প্ৰডাকচন হাউচ মুকলি কৰা হৈছে, য’ত এটা এনিমেচন ছিৰিজো নিৰ্মাণ কৰা হৈছে।

You might also like