নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত তেল চুৰি চক্ৰৰ বিৰুদ্ধে তীব্ৰ অভিযান; আৰক্ষীৰ জালত মাষ্টাৰ মাইণ্ড জীতেন গগৈ

নিয়মীয়া বাৰ্তা, ২২ জুন : তিতাবৰ মহকুমাৰ বৰহোলাত সক্ৰিয় তেল চুৰিৰ চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে গোপন অভিযান অব্যাহত ৰাখিছে। মংগলবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত তিতাবৰৰ এছ ডি পি অ’ আৰু বৰহোলা আৰক্ষীয়ে চলোৱা অভিযানত জালত পৰে তেল চুৰিত অভিযুক্ত জীতেন গগৈ। এইগৰাকী জীতেন গগৈ কেইবাটাও তেল চুৰি কাণ্ডৰ মাষ্টৰ মাইণ্ড বুলি জানিব পৰা গৈছে। অভিযুক্ত জীতেন গগৈৰ ঘৰ তিনিচুকীয়া জিলাৰ মাকুমত। বৰহোলা আৰক্ষী থানাৰ ৬৫/২০২১ নম্বৰ গোচৰত জীতেন গগৈক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে বৰহোলাৰ লগতে যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত চোৰাং তেলৰ ৰমৰমীয়া বেহা পাতিছিল এই তেল চোৰৰ চক্ৰটোৱে। আজি আৰক্ষীয়ে আদালতত হাজিৰ কৰাই জে’ললৈ প্ৰেৰণ কৰিছে জীতেন গগৈক। এই তেল চুৰি চক্ৰটোত অন্য লোকো জৰিত থকাৰ সন্দেহ কৰা হৈছে। বৰহোলা আৰক্ষীয়ে অব্যাহত ৰখা তদন্ত আৰু অধিক তীব্রতৰ কৰি তুলিবলৈ বৰহোলাৰ সচেতন মহলে আহ্বান জনাইছে।

You might also like