নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ গণতন্ত্রৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে ফেচবুকে

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ ন’বেল শান্তি বঁটা লাভ কৰাৰ পিছদিনাখনেই ছ’চিয়েল মিডিয়া প্লেটফর্ম ফেচবুকৰ বিৰুদ্ধে সৰৱ হৈছে ফিলিপাইনছৰ সাংবাদিক মাৰিয়া ৰেছা৷ সাংবাদিকগৰাকীয়ে ফেচবুকক কঠোৰ সমালোচনা কৰি কৈছে যে গণতন্ত্রৰ বাবে বিপজ্জনক এই ছ’চিয়েল মিডিয়া প্লেটফর্ম৷

বিশ্বজুৰি সর্ববৃহৎ ছ’চিয়েল মিডিয়া প্লেটফর্ম ফেচবুকে ঘৃণা আৰু ভুৱা তথ্য বিয়পি পৰাৰ ক্ষেত্রত কোনোধৰণৰ প্রতিৰোধ ব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম হোৱা নাই৷ গতিকে গণতন্ত্রৰ প্রতি ফেচবুকে ভাবুকি কঢ়িয়াই আনিছে৷ ৰেছাৰ মতে তথ্যক লৈ নিৰপেক্ষও নহয় ফেচবুক৷ বিভিন্ন সময়ত ফেচবুকত পক্ষপাতদুষ্ট ভূমিকাই ইয়াৰ ব্যৱহাৰকাৰীসকলৰ্ মাজত অসন্তোষ সৃষ্টি কৰি আহিছে৷

ফিলিপাইনছৰ সংবাদ সংস্থা ‘জার্পলাৰ’ৰ মুৰব্বী প্রবীণ এই সাংবাদিকগৰাকীয়ে এক সাক্ষাৎকাৰত উল্লেখ কৰে যে ফেচবুকত বিভিন্ন সময়ত ভুৱা সংবাদ গুৰুত্বসহকাৰে প্রকাশ পায়৷ ক্ষোভ আৰু ঘৃণাবর্ষিত সংবাদ প্রকাশ কৰিবলৈ অধিক আগ্রহ দেখুৱায় ফেচবুকে৷ একমাত্র ধন ঘটাৰ বাবেই মানুহৰ নিৰাপত্তা বিসর্জন দিবলৈ ফেচবুক সাজু বুলিও ৰেছাই উল্লেখ কৰিছে৷ সমাজত বিভাজন সৃষ্টি কৰাৰ উপৰি শিশুসকলৰ মানসিক স্বাস্থ্যৰ ক্ষতিসাধন কৰা বুলিও ৰেছাই ক্ষোভ উজাৰিছে৷

You might also like