নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়ান ছুপাৰ লীগত চেম্পিয়ন মুম্বাই চিটী

খিতাপ যুঁজৰ মেচত ২–১ গ’লত পৰাস্ত এ টি কে মোহন বাগান

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ  হিৰো ইণ্ডিয়ান ছুপাৰ লীগৰ চেম্পিয়নৰ তালিকাত নতুনকৈ নাম অন্তর্ভুক্ত হ’ল মুম্বাই চিটীৰ৷ ক’ৰোনাৰ আতংকৰ মাজতে বিনা দর্শকৰ উপস্থিতিত গোৱাৰ ফাটোৰডা ষ্টেডিয়ামত  অনুষ্ঠিত প্রতিযোগিতাখনৰ সপ্তম সংস্কৰণৰ ফাইনেল মেচখনত মুম্বাই চিটীয়ে এ টি কে মোহন বাগানক কঠিন প্রতিদ্বন্দ্বিতাৰ অন্তত ২–১ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰিবলৈ সক্ষম হয়৷

প্রথমৰ পৰাই উত্তেজনাপূর্ণ হৈ পৰা খেলখনৰ ৯০ মিনিটত বিপিন সিঙে দর্শনীয় গ’ল স্ক’ৰ কৰি মুম্বাই চিটীক চেম্পিয়নৰ সোৱাদ দিয়ে৷ খেলখনৰ ১৮ মিনিটত ডেভিদ উইলিয়ামছে গ’ল স্ক’ৰ কৰি এ টি কে মোহন বাগানক গুৰুত্বপূর্ণ অগ্রগতি প্রদান কৰে৷ কিন্তু দলটোৰ এই অগ্রগতি বেছি সময় নিটিকিল৷ ইয়াৰ ঠিক ১১ মিনিট পিছতেই এ টি কে মোহন বাগানে এক আত্মঘাতী গ’লৰ সন্মুখীন হয়৷ ফলস্বৰূপে মেচখন ১–১ গ’লত অমীমাংসিত হয়৷ প্রথমার্ধৰ খেল ১–১ গ’লত অমীমাংসিত হোৱাৰ পিছত দ্বিতীয়ার্ধত মুম্বাই চিটীয়ে আক্রমণৰ চোক বৃদ্ধি কৰি তোলে আৰু গ’লৰ সন্ধানত নামি পৰে৷ দুয়োটা দলে গ’ল কৰাৰ বাবে অহৰহ চেষ্টা চলাই থকাৰ সময়তে খেলখনৰ অন্তিম মুহূর্তত মুম্বাই চিটীৰ বিপিন সিঙে এ টি কে মোহন বাগানৰ খিতাপ জয়ৰ স্বপ্ণ ধূলিসাৎ কৰে৷

অৱশ্যে দ্বিতীয়ার্ধৰ ইনজুৰি সময়ত এ টি কে মোহন বাগানে গ’লটো পৰিশোধ কৰাৰ বাবে চেষ্টা চলাইছিল যদিও সফলতাৰ মুখ নেদেখিলে আৰু ৰানার্ছআপতে সন্তুষ্ট থাকিবলগীয়া হয় প্রতিযোগিতাখনত প্রথমবাৰৰ বাবে ভাগ লোৱা এ টি কে মোহন বাগানে৷ অসমৰ বাবে গৌৰৱৰ বিষয় যে চেম্পিয়ন দল মুম্বাই চিটীৰ অন্যতম সদস্য হ’ল ৰাজ্যৰ প্রতিভাৱান ফুটবলাৰ প্রাঞ্জল ভূমিজ৷

উল্লেখ্য যে চেম্পিয়ন মুম্বাই চিটীয়ে খেলা প্রতিযোগিতাখনৰ ২০খন লীগ মেচৰ ১২খনত জয়, চাৰিখনত পৰাস্ত আৰু চাৰিখন ড্র খেলি ৪০ পইণ্টেৰে পইণ্ট তালিকাৰ শীর্ষস্থান দখল কৰিবলৈ সক্ষম হৈছিল৷

You might also like