নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনৰ অবৈধ লেনদেন–ভোটাৰক প্রলোভনত চোকা নজৰ মৰিগাঁও প্রশাসনৰ

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ  ঃ মৰিগাঁও জিলাৰ উপায়ুক্ত তথা জিলা নির্বাচনী বিষয়া লীনা দাসে নির্বাচন সম্পর্কীয় ব্যয় আৰু অবৈধ ধনৰ লেনদেন অথবা ভোটাৰক প্রলোভন কৰা কার্যকলাপৰ ওপৰত চোকা নজৰ ৰাখিবলৈ এখন কমিটী গঠন কৰিছে৷ নির্বাচনী বিধি অনুসৰি বাজেয়াপ্ত হোৱা ধন মোকলাই দিয়া সন্দর্ভত সাধাৰণ জনতাৰ বিভিন্ন অসুবিধা নিৰীক্ষণ কৰিবৰ বাবে মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টি, মৰিগাঁও বিধানসভা সমষ্টি আৰু লাহৰীঘাট বিধানসভা সমষ্টিক সামৰি জিলা পৰিষদৰ মুখ্য কার্যবাহী বিষয়া, জিলা কোষাগাৰৰ কোষাধ্যক্ষক সদস্য আৰু ব্যয় নিৰীক্ষণ কোষৰ ন’ডেল বিষয়া তথা জিলা উন্নয়ন আয়ুক্ত পুনম ৰাও বৰাক আহ্বায়ক হিচাপে লৈ এই কমিটীখন গঠন কৰা হৈছে৷ আইনবিৰোধী কাম–কাজ নিৰীক্ষণ কৰিবলৈ বিভিন্ন ঠাইত আৰক্ষী, ষ্টেটিক ছাৰভিলেন্স টীম আৰু ফ্লায়িং স্কোৱাডৰ টীমক নিয়োজিত কৰা হৈছে৷ টীমসমূহক চক্র বিষয়া আৰু কার্যবাহী দণ্ডাধীশসকলে নিয়ন্ত্রণ কৰিব৷

ষ্টেটিক ছাৰভিলেন্স আৰু ফ্লায়িং স্কোৱাডৰ টীমে ধনৰ লেনদেন, সুৰা, ড্রাগ্ছ, অস্ত্র–শস্ত্র তথা আইনবিৰুদ্ধ বা সমাজবিৰোধী কাম–কাজৰ ওপৰত নজৰ ৰাখিব৷ ভিডি’ ছাৰভিলেন্স টীমে ৰাজনৈতিক সভা–সমদল আদিৰ ভিডি’ কৰিব লাগিব৷ টীমৰ দ্বাৰাবাজেয়াপ্ত ধন অথবা সামগ্রীৰ বিৰুদ্ধে যদি অভিযোগ বা এজাহাৰ দাখিল কৰা হোৱা নাই আৰু এই ধন বা সামগ্রীসমূহ ৰাজনৈতিক দল, প্রার্থীৰ নির্বাচনী প্রচাৰৰ লগত যোগসূত্র ধৰা নপৰে, সেই ক্ষেত্রত নির্ধাৰিত নিয়ম অনুসৰি কমিটীখনে ধন অথবা সামগ্রীসমূহ ব্যক্তিগৰাকীক ওভতাই দিয়াৰ বাবে ব্যৱস্থা গ্রহণ কৰিব৷ সকলো দিশ চালি–জাৰি চাই কমিটীখনে সিদ্ধান্ত ল’ব৷ বাজেয়াপ্তকৰণৰ বিৰুদ্ধে কৰা আবেদনৰ প্রক্রিয়াটো জব্দ নথিত উল্লেখ থাকিব আৰু ধন বাজেয়াপ্ত কৰাৰ সময়ত ব্যক্তিজনক অৱগত কৰিব লাগিব৷ এই সন্দর্ভত অধিক তথ্য জানিবলৈ মৰিগাঁও জিলা উন্নয়ন আয়ুক্ত তথা ব্যয় নিৰীক্ষণ কোষৰ ন’ডেল বিষয়া পুনম ৰাও বৰাৰ ম’বাইল নম্বৰ ৭৫৭৫৯–৭৭৯৭১ত যোগাযোগ কৰিব পাৰিব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে৷

You might also like