নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলত গঁড় সংৰক্ষণৰ বার্তা মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিতৰ

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ অস্তিত্বৰ সংকটত ভোগা বিৰল প্রজাতিৰ এশিঙীয়া গঁড়ৰ সংৰক্ষণৰ বাবে সময়ে সময়ে সজাগতাৰ সৃষ্টি কৰি আহিছে টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ ৰোহিত শর্মাই৷

চোৰাং চিকাৰীৰ কবলৰ পৰা বিৰল প্রজাতিৰ এশিঙীয়া গঁড়ক ৰক্ষা কৰিবলৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে সজাগতাৰ সৃষ্টি কৰি অহা তাৰকা ক্রিকেটাৰগৰাকীয়ে যোৱানিশা বিশ্বৰ সবাতোকৈ ঐশ্বর্যশালী ক্রিকেট লীগ আই পি এলত গঁড় সংৰক্ষণক লৈ বিশ্ববাসীৰ সন্মুখলৈ এক বিশেষ বার্তা কঢ়িয়াই আনে৷

ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ বিৰুদ্ধে আই পি এলৰ উদ্বোধনী মেচত খেলপথাৰত নমাৰ সময়ত ৰোহিতে গঁড়ৰ ছবিসম্বলিত এযোৰ বিশেষ জোতা পৰিধান কৰে৷ সোঁভৰিত পৰিধান কৰা জোতাযোৰত স্পষ্টকৈ লিখা আছিল ‘ছেভ দ্য ৰাইনো’৷

গঁড় সংৰক্ষণক লৈ এইধৰণৰ সজাগতা সৃষ্টি কৰাৰ পিছত ৰোহিতে আজি ছ’চিয়েল মিডিয়াত উল্লেখ কৰিছে যে ক্রিকেট খেলাটো তেওঁৰ সপোন আৰু পৃথিৱীখনক জীৱ–জন্তুৰ বসবাসৰ উপযুক্ত স্থান হিচাপে অক্ষুণ্ণ ৰখাৰ দিশত কাম কৰাটো তেওঁৰ নৈতিক দায়িত্ব৷

ইফালে, গঁড় সংৰক্ষণক লৈ ৰোহিত শর্মাৰ এই অভিনৱ পদক্ষেপক ভূয়সী প্রশংসা কৰিছে ইংলেণ্ডৰ প্রাক্তন ক্রিকেটাৰ কেভিন পিটাৰছেনে৷ এশিঙীয়া গঁড়ৰ সংৰক্ষণক লৈ সজাগতা সৃষ্টিৰ বাবে বিগত বর্ষৰ আৰম্ভণিতে অসমৰ কাজিৰঙা উদ্যানলৈ অহা প্রাক্তন ক্রিকেটাৰগৰাকীয়ে ৰোহিতৰ এই পদক্ষেপৰ শলাগ লৈ কয় যে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কগৰাকীৰ জোতাত ‘ছেভ দ্য ৰাইনো’ প্রত্যক্ষ কৰি অভিভূত হৈছো৷

উল্লেখ্য যে কেভিন পিটাৰছেন আৰু ৰোহিত শর্মা গঁড় সংৰক্ষণৰ সৈতে জড়িত কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ সৈতে বিশেষভাৱে জড়িত৷

You might also like