নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋষভ পণ্ট আই পি এলৰ পঞ্চম সর্বকনিষ্ঠ অধিনায়ক

নিয়মীয়া বাৰ্তা, ১১ এপ্ৰিলঃ অধিনায়কৰ ৰূপত আই পি এলত অভিষেক ঘটিল ঋষভ পণ্টৰ৷ শেহতীয়াকৈ আন্তঃৰাষ্ট্রীয় ক্রিকেটত টীম ইণ্ডিয়াৰ হৈ অবিশ্বাস্য বেটিঙেৰে খলকনি তোলা বাঁওহতীয়া উইকেটৰক্ষক বেটছমেনগৰাকীয়ে শনিবাৰে দিল্লী কেপিটেলছৰ অধিনায়ক হিচাপে আই পি এলত প্রথমখন মেচ খেলে৷ মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলপথাৰত নমাৰ লগে লগে পণ্টে আই পি এলৰ পঞ্চম সর্বকনিষ্ঠ অধিনায়ক হিচাপে অভিলেখ ৰচে৷

২৩ বছৰীয়া পণ্টৰ পূর্বে আই পি এলত সর্বকনিষ্ঠ অধিনায়ক হিচাপে অভিলেখ ৰচিছিল ষ্টিভেন স্মিথ, বিৰাট কোহলি, সুৰেশ ৰাইনা আৰু শ্রেয়াছ আয়াৰে৷

উল্লেখ্য যে নিয়মীয়া অধিনায়ক আয়াৰৰ অনুপস্থিতিত পণ্টে এইবাৰ দিল্লী কেপিটেলছৰ নেতৃত্বৰ দায়িত্ব লাভ কৰিছে৷ আই পি এলত খিতাপ জয় কৰা সর্বকনিষ্ঠ অধিনায়ক হিচাপে ইতিহাস ৰচিবলৈ তেওঁ এইবাৰ সুবর্ণ সুযোগ লাভ কৰিছে৷

You might also like