নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ পৰা বাহিৰ ধোনী বাহিনী; চেন্নাইক হৰুৱাই পইণ্ট তালিকাৰ শীর্ষলৈ মুম্বাই

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰঃ ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে চলিত আই পি এলৰ পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হৈছে৷ শ্বাৰজাহত অনুষ্ঠিত ল’ স্ক’ৰিং মেচখনত মুম্বাই ইণ্ডিয়ানছে চেন্নাই ছুপাৰ কিংছক ১০ উইকেটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে৷ মেচখনত চেন্নায়ে জয়ৰ বাবে বান্ধি দিয়া ১১৫ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ঈশান কিশনৰ বিস্ফোৰক অপৰাজিত অর্ধশতক আৰু কুইণ্টন ডি ককৰ দর্শনীয় অপৰাজিত ৪৬ ৰানৰ সহায়ত মুম্বায়ে ১২.২ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ বিজয়ৰ লক্ষ্যত উপনীত হয়৷ কিশনে ৩৭টা বলত ৬টা চাৰি আৰু পাঁচটা ছয়েৰে ৬৮ ৰান কৰে৷

ইফালে, ডি ককৰ ৩৭টা বলৰ ইনিংছটোত আছিল পাঁচটা চাৰি আৰু দুটা ছয়৷ উল্লেখ্য যে আজিৰ এই মেচখনত পৰাজয়ৰ লগে লগে চেন্নাই ছুপাৰ কিংছে চলিত আই পি এলৰ পৰা বিদায় লোৱাটো নিশ্চিত হৈ পৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি ট্রেণ্ট বল্টৰ বিধ্বংসী বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ চেন্নাই ছুপাৰ কিংছে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১১৪ ৰান কৰিবলৈ সক্ষম হয়৷ দলটোৰ হৈ ছাম কৰনে সর্বাধিক ৫২ ৰান কৰাৰ বাহিৰে বাকীসকল বেটছমেন সম্পূর্ণৰূপে ব্যর্থ হয়৷ মন কৰিবলগীয়া যে দলটোৰ চাৰিগৰাকী বেটছমেনেহে দহকৰ ঘৰ স্পর্শ কৰিবলৈ সক্ষম হয়৷ অধিনায়ক ধোনীয়ে ১৬, ছার্দুল ঠাকুৰে ১১ আৰু ইমৰান তাহিৰে অপৰাজিতভাৱে ১৩ ৰানৰ অৰিহণা আগবঢ়ায়৷ ৰুতুৰাজ গাইকোৱাড আৰু ডু প্লেচিছে ইনিংছ মুকলি কৰিবলৈ আহে যদিও দলীয় স্ক’ৰত কোনো ৰান সংযোগ নৌহওঁতেই গাইকোৱাড পেভিলিয়নমুখী হয়৷

ইফালে, দলীয় স্ক’ৰ ৪৩ ৰানত সাতজনকৈ আগশাৰীৰ বেটছমেনক হেৰুৱাই শ’লঠেকত পৰে চেন্নাই ছুপাৰ কিংছ৷ ডু প্লেচিছে ১, অম্বাটি ৰাইডুৱে ২, জগদেশানে ০, অধিনায়ক ধোনীয়ে ১৬, ৰবীন্দ্র জাদেজাই ৭ আৰু দীপক চহৰে কোনো ৰান নকৰাকৈ পেভিলিয়নমুখী হয়৷ শেষৰ পিনে কৰনে ছার্দুলৰ সৈতে অষ্টম উইকেটত ২৮ আৰু ইমৰান তাহিৰৰ সৈতে নৱম উইকেটত ৪৩ ৰান সংগ্রহ কৰি দলটোক কিছু সন্মানজনক স্থিতিত উপনীত কৰায়৷ কৰনৰ ৪৭টা বলৰ ইনিংছটোত আছিল চাৰিটা চাৰি আৰু দুটা ছয়৷ মুম্বাইৰ হৈ ট্রেণ্ট বল্টে চাৰিটা উইকেট লাভ কৰাৰ লগতে বুমৰাহ আৰু ৰাহুল চহৰ উভয়ে দুটা তথা কল্টাৰ নেইলে এটা উইকেট লাভ কৰে৷

You might also like