নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্রমাগত চতুর্থ পৰাজয় মুম্বাইৰ, অপ্রতিৰোধ্য পঞ্জাব শীর্ষলৈ

ডিজিটেল ডেস্ক, ১৭ এপ্রিল : পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ চলিত আইপিএলত পৰাজয়ৰ ধাৰা অব্যাহত আছে৷ বৃহস্পতিবাৰে ৱাংখেড়েত অনুষ্ঠিত মেচখনত মুম্বায়ে পঞ্জাব কিংছৰ হাতত ৭ উইকেটত পৰাস্ত হয়৷ মুম্বাইৰ এয়া আছিল ক্রমাগত চতুর্থ পৰাজয়৷ মেচখনত বিজয় সাব্যস্ত কৰি অপ্রতিৰোধ্য পঞ্জাবে পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হৈছে৷ দলটোৱে এতিয়ালৈকে পাঁচখন মেচৰ চাৰিখনত জয় আৰু এখন মেচ পৰিত্যক্ত হোৱাত মুঠ ৯ পইণ্টেৰে শীর্ষস্থানটো অধিকাৰ কৰে৷

মেচখনত ঘৰুৱা দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ১৯৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্রভছিমৰণ সিঙৰ অপৰাজিত ৮০ আৰু অধিনায়ক শ্রেয়াছ আয়াৰৰ ৬৬ ৰানৰ সহায়ত পঞ্জাবে ১৬.৩ অ’ভাৰত ৩টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ ইফালে, মুম্বাইৰ তাৰকা বলাৰ যশপ্রীত বুমৰাহে বৃহস্পতিবাৰেও উইকেট লাভ কৰিবলৈ সক্ষম নহ’ল৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও অ’পেনাৰ কুইণ্টন ডি ক’কৰ দুর্দান্ত অপৰাজিত শতক আৰু নমন ধীৰৰ অর্ধশতকৰ সহায়ত মুম্বায়ে নির্ধাৰিত ২০ অ’ভাৰত ৬ উইকেটত ১৯৫ ৰান কৰে৷ দলীয় স্ক’ৰ ১২ ৰানতে অ’পেনাৰ ৰিকেলটন (২) আৰু সূর্যকুমাৰ যাদৱ (০)ক হেৰুৱাই বিপর্যয়ত পৰে দলটো৷ অৱশ্যে ডি ক’কে নমনৰ সৈতে লগ লাগি তৃতীয় উইকেটত ১২২ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ নমনে ৫০ ৰান কৰি বিদায় লয় যদিও ডি ক’কে ৬০টা বলত ১১২ ৰান কৰি অপৰাজিত হৈ থাকে৷ চলিত আইপিএলত শতক অর্জন কৰা ডি ক’ক হ’ল দ্বিতীয়গৰাকী বেটাৰ৷ অধিনায়ক হার্দিকে ১৪, ৰাডাৰফ’র্ডে ১ আৰু তিলক বার্মাই ৮ ৰান কৰি বিদায় লয়৷

You might also like