নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ সপ্তাহ টেনিছ ক’টত দেখা নাযাব নাডালক, কিন্তু কিয়?

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ আগন্তুক ছসপ্তাহ টেনিছ ক’টত দেখা পোৱা নাযাব স্পেইনৰ তাৰকা পুৰুষ টেনিছ খেলুৱৈ ৰাফেল নাডালক৷ কামিহাড়ত ফাট মেলাৰ বাবেই তাৰকা খেলুৱৈগৰাকীয়ে আগন্তুক ছসপ্তাহ কোনোধৰণৰ প্রতিযোগিতাত অংশগ্রহণ কৰিব নোৱাৰিব বুলি স্পেইন টেনিছ দলটোৱে সদৰী কৰিছে৷

যোৱা সপ্তাহত কেলিফ’র্নিয়াত অনুষ্ঠিত ইণ্ডিয়ান ৱেলছৰ ফাইনেলত অংশগ্রহণ কৰি থকাৰ সময়ত নাডালে বুকুত বিষ অনুভৱ কৰিছিল৷ স্পেইনত উপস্থিত হৈয়েই নাডালে চিকিৎসকৰ কাষ চাপে আৰু কামিহাড়ত ফাট মেলাটো ধৰা পৰে৷ ২১টাকৈ গ্রেণ্ডশ্লামৰ অধিকাৰী ৰাফেল নাডালে এই আঘাতৰ পৰা সম্পূর্ণৰূপে আৰোগ্য লাভ কৰিবলৈ অতি কমেও চাৰিৰ পৰা ছয় সপ্তাহৰ প্রয়োজন হ’ব বুলি চিকিৎসকে সদৰী কৰিছে৷

ইয়াৰ ফলত ৩৫ বছৰীয়া নাডালে আগন্তুক মণ্টে কার্লো মাষ্টার্ছ আৰু মাদ্রিদ আৰু ৰোমত হ’বলগীয়া প্রতিযোগিতাকেইখনত অংশগ্রহণ কৰিব নোৱৰাটো নিশ্চিত হৈ পৰিছে৷

You might also like