নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোক্ৰাৰ ঢাৰিকাটি মিছিং মধ্য ইংৰাজী বিদ্যালয়ত সেনাবাহিনীৰ সামগ্ৰী বিতৰণ 

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ  শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ ঢাৰিকাটি মধ্য ইংৰাজী বিদ্যালয়ত আজি ভাৰতীয় সেনাবাহিনীয়ে সদ্ভাৱনা আঁচনিৰ যোগেদি বিভিন্ন সা-সামগ্ৰী বিতৰণ কৰে । জানিব পৰা মতে ভাৰতীয় সেনাবাহিনীৰ ৪৪৭ নং বেটেলিয়নে বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বিকাশৰ বাবে কম্পিউটাৰ, জেৰক্স মেছিন, প্ৰিন্টাৰ, ছাউণ্ড চিষ্টেম, চিলিং ফেন, অফিচ টেবুল চকী, হোৱাইট বো’ৰ্ড, ডেক্স-বেঞ্চ, প্ৰজেক্টৰ মেছিন, প্লাষ্টিকৰ চকী ইত্যাদি সামৰি সৰ্বমুঠ প্ৰায় পাঁচ লাখ বাসত্তৰ হাজাৰ টকা সামগ্ৰীসমূহ আনুষ্ঠানিকভাৱে বিদ্যালয়খনৰ প্ৰধান শিক্ষক দীপক ভূঞাৰ হাতত অৰ্পণ কৰে । সামগ্ৰী বিতৰণ অনুষ্ঠানটোত ৪৪৭ নং বেটেলিয়নৰ অধিনায়কৰ লগতে বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া, ৰাইজ, বালিপৰা শিক্ষাখণ্ড কাৰ্যালয়ৰ বিষয়া উপস্থিত থাকে ।

You might also like