নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানচেষ্টাৰ টেষ্টৰ পূর্বে ভাৰতীয় দলত নতুন পেচাৰ

🔹 শৃংখলাৰ পৰাই বাহিৰ হ’ব আঘাতপ্রাপ্ত অর্শদ্বীপ সিং

নিউজ ডেস্ক, ২১ জুলাই : বুধবাৰৰ পৰা মানচেষ্টাৰত ইংলেণ্ডৰ বিৰুদ্ধে চতুর্থ টেষ্টত খেলিবলৈ নামিব ভাৰত৷ তাৰ পূর্বে ভাৰতীয় দলত আৰু এজন ক্রিকেটাৰে যোগ দিছে৷ পেচাৰ অংশুল কম্বোজক দলত অন্তর্ভুক্ত কৰা হৈছে৷ অনুশীলনৰ সময়ত আঘাত পাইছিল অর্শদ্বীপ সিঙে৷ তেওঁ কেৱল চতুর্থ টেষ্টতেই নহয়, শৃংখলাৰ পৰাই আঁতৰি যাব পাৰে৷ সেইবাবে আগতীয়াকৈ কম্বোজক দললৈ আমন্ত্রণ জনোৱা হৈছে৷ আইপিএলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিছিল কম্বোজে৷

উল্লেখ্য যে মানচেষ্টাৰত উপস্থিত হোৱাৰ দিনাই অনুশীলনত আঘাত পায় অর্শদ্বীপে৷ ছাই সুদর্শনৰ এটা শ্বট ধৰিবলৈ গৈ আঙুলিত গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয় তেওঁ৷ ফলত চতুর্থ টেষ্টৰ পৰা তেওঁ বাহিৰ হ’ব পাৰে৷ ইপিনে, ইংলেণ্ডত খেলাৰ অভিজ্ঞতা আছে কম্বোজৰ৷ ভাৰতৰ এই শৃংখলাৰ পূর্বে ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে ভাৰত ‘এ’ দলত আছিল বলাৰগৰাকী৷ দুখন মেচ খেলি তেওঁ ৫টা উইকেট দখল কৰিছিল ৷ ইয়াৰ উপৰি কম্বোজে এটা অর্ধ শতৰানো কৰিছে৷ সেইবাবেই হয়তো তেওঁক মাতি পঠিওৱা হৈছে৷

আইপিএলত চেন্নাই ছুপাৰ কিংছৰ হৈ খেলা কম্বোজক বিগত ছিজনত নিলামত ৩ কোটি ৪০ লাখ টকাত ক্রয় কৰিছিল দলটোৱে৷ বিগত আইপিএলত ২১.৫০ গড় আৰু প্রতি অভাৰত ৮ ৰান দি ৮ উইকেট দখল কৰিছিল সোঁহতীয়া পেচ বলাৰগৰাকীয়ে৷ হাৰিয়ানাৰ এইগৰাকী পেচাৰে প্রথম দৃষ্টি আকর্ষণ কৰিছিল ৰঞ্জি ট্রফীত৷ ২০২৪–২৫ বর্ষত কেৰালাৰ বিৰুদ্ধে তেওঁ এক ইনিংছত ১০টা উইকেট দখল কৰিছিল৷ ৰঞ্জি ট্রফীৰ ইতিহাসত এই কৃতিত্ব অর্জন কৰা তেওঁ হৈছে তৃতীয়গৰাকী বলাৰ৷ ৩০.১ অভাৰ বলিং কৰি ৪৯ ৰানত ১০ উইকেট দখল কৰিছিল কম্বোজে৷ প্রথম শ্রেণীৰ ক্রিকেটত তেওঁ এইপর্যন্ত ৭৯টা উইকেট দখল কৰিছে৷

উল্লেখ্য যে আকাশদ্বীপৰ পিছত অর্শদ্বীপৰ আঘাতে উদ্বিগ্ণ কৰি তুলিছে ভাৰতীয় মেনেজমেণ্টক৷ জানিব পৰা মতে, বুমৰাহ আৰু আকাশদ্বীপক একেলগে খেলাব পৰা নাযাব৷ আকাশদ্বীপৰ পিঠিৰ আঘাত পুনৰ আৰম্ভ হৈছে৷ লর্ডছত তেওঁৰ অন্তিম স্পেলত পিঠিৰ আঘাতত ভোগা দৃষ্টিগোচৰ হৈছে৷ সেইবাবেই কম্বোজক মাতি পঠিওৱা হৈছে৷ মানচেষ্টাৰত বুমৰাহে খেলাটো নিশ্চিত৷ যাৰ বাবে প্রশিক্ষক গম্ভীৰে বলিং আক্রমণ সলনি কৰিবলৈ বাধ্য হ’ব৷

You might also like