নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাটিয়া পাৰাত কে এ চিৰ অধ্যক্ষ সহ কাৰ্যবাহী সদস্য সকলক সম্বৰ্ধনা জ্ঞাপনঃ বিজেপি-ইউ পি পি এলক মুকলি সমৰ্থন কে এ চিৰ

নিয়মীয়া বাৰ্তা  ২৮ অক্টোবৰঃ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ মাটিয়া পাৰাত কামতাপুৰ স্বায়ত্ত্ব শাসিত পৰিষদ চমুকৈ কে এ চিৰ নব নিযুক্ত অধ্যক্ষৰ লগতে সদস্য সকলক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ মাটিয়াপাৰা সমুহীয়া সভা কক্ষৰ প্ৰাঙ্গণত আক্ৰাছুৰ মাটিয়াপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত সম্বৰ্ধনা অনুষ্ঠান খন অনুষ্ঠিত হয় । উক্ত সম্বৰ্ধনা সভাখনত উপস্থিত থাকে কেএছিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন , ইএম কৰ্মেশ্বৰ ৰায় , জীবেশ ৰায় , -বিজেপি নেতা কংকন ৰায় আদিয়ে । উক্ত সভাত উপস্থিত থাকি ভাষণ প্ৰসংগত অধ্যক্ষ হিতেশ্বৰ বৰ্মনে ভাষণ প্ৰসংগত কয় যে বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাখনে কোচৰাজবংশী জনগোষ্ঠীৰ বাবে স্বশাসনৰ ব্যৱস্থা কৰি দি বহুদূৰ বাট আগুৱাই দিলে । ইপিনে ইএম কৰ্মেশ্বৰ ৰায়ে কয় যে কেএছিৰ বাহিৰেও বিটিআৰত বসবাস কৰা কোচৰাজবংশী জনগোষ্ঠীৰ বাবেও বিজেপি ইউপিপিএল আৰু অগপ ৰ মিত্ৰজোটৰ চৰকাৰ খনে চিন্তা চৰ্চা কৰি আছে বুলিও উল্লেখ কৰে ।

You might also like