নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাই ৰিজার্ভ ডে’ ! টি-২০ বিশ্বকাপৰ সূচীক লৈ সমস্যাত আইচিচি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ মে’ : ভাৰতীয় সময় অনুসৰি ২ জুনৰ পৰা আৰম্ভ হ’ব আইচিচি টি–২০ বিশ্বকাপ৷ প্রতিটো দল প্রস্তুতিত ব্যস্ত৷ এহবাৰ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত হ’ব বিশ্বকাপৰ মহাৰণ৷ কিন্তু হঠাৎ বিশ্বকাপৰ সূচীক লৈ চিন্তিত হৈ পৰিল আইচিচি৷ ছেমিফাইনেল আৰু ফাইনেলৰ তাৰিখক লৈ চিন্তাত হৈ পৰিছে আইচিচি৷ আগন্তুক বিশ্বকাপত অংশগ্রহণ কৰিব ২০টা দলে৷ চাৰিটা গ্রুপৰ প্রতিটোৰ পৰা শীর্ষ দুটা দলে ছুপাৰ এইটৰ বাবে যোগ্যতা অর্জন কৰিব৷ ভাৰতীয় তাৰিখ অনুসৰি ২৭ জুনত অনুষ্ঠিত হ’ব দুয়োখন ছেমিফাইনেল৷ ২৯ জুনত ফাইনেল৷ এই দুদিনত বতৰে বিধি–পথালি দিয়াৰ আশংকা আছে৷ আইচিচিৰো বতৰক লৈ চিন্তা হৈছে৷ কাৰণ দুখন গুৰুত্বপূর্ণ মেচৰ মাজত মাত্র এদিনৰ ব্যৱধানত কোনো অতিৰিক্ত দিন বা সংৰক্ষিত দিন নাই৷ পূর্বে আইচিচিয়ে ছেমিফাইনেল আৰু ফাইনেলৰ মাজত ৰিজার্ভ ডে’ থাকিব লাগে বুলি ব্যক্ত কৰিছিল৷ কিন্তু এপেক্স সংগঠনে এই বিষয়ত এতিয়াও মন্তব্য দিব পৰা নাই৷ ফলত ক্রিকেটাৰসকলে কেনেকৈ জিৰণি ল’ব সেয়া এক চিন্তাৰ বিষয় হৈ পৰিছে৷ তদুপৰি দ্বিতীয়খন ছেমিফাইনেল ৱেষ্ট ইণ্ডিজৰ গায়ানাত অনুষ্ঠিত হ’ব৷ বার্বাডোজত ফাইনেল৷ দুয়োটা অঞ্চলৰ মাজৰ দূৰত্ব প্রায় ৯০০ কিলোমিটাৰ৷ কম সময়ৰ ভিতৰতে ইমান দূৰত্ব অতিক্রম কৰি ক্রিকেটাৰসকলৰ বাবে ফাইনেল খেলিবলৈ অহাটো কঠিন হ’ব৷ সমস্যাটো ইয়াতেই শেষ নহয়৷ জুন মাহত কেৰিবিয়ানত গ্রীষ্মকাল৷ বৰষুণৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷ ফলত বৰষুণৰ বাবে ছেমিফাইনেলৰ কোনো এখন খেল বাতিল হ’লে পৰিস্থিতি অধিক জটিল হৈ পৰিব৷ সাধাৰণতে যিকোনো আইচিচি টুর্নামেণ্টত কমেও দুদিন অতিৰিক্ত সময় থাকে৷ এই পৰিস্থিতিৰ সৈতে আইচিচিয়ে কেনেদৰে মোকাবিলা কৰে সেয়া হ’ব লক্ষণীয়৷

You might also like