এটা সময়ত মোৰ ওপৰত আস্থা আছিল ধোনীৰঃ যুৱৰাজ
নিয়মীয়া বাৰ্তা ৫ আগষ্টঃ ভাৰতীয় ক্রিকেটৰ একালৰ ষ্টাইলিছ বাঁওহতীয়া বেটছমেন যুৱৰাজ সিঙৰ দক্ষতাৰ ওপৰত অত্যন্ত বিশ্বাসী আছিল তেতিয়াৰ অধিনায়ক মহেন্দ্র সিং ধোনী৷ ২০১১ৰ বিশ্বকাপ পর্যন্ত ধোনীৰ মতে যুৱৰাজ আছিল দলৰ এক নম্বৰ খেলুৱৈ৷ কিন্তু কর্কট ৰোগৰ পৰা আৰোগ্য হৈ দললৈ উভতি অহাৰ পিছৰে পৰা যুৱৰাজৰ ওপৰত থকা ধোনীৰ পূর্বৰ আস্থা আৰু বিশ্বাস হ্রাস পাবলৈ ধৰে৷ এই মন্তব্য আগবঢ়াইছে ২০১১ৰ বিশ্বকাপত ভাৰতৰ জয়ৰ নায়ক যুৱৰাজ সিঙৰ৷ ‘২০১৭ত মই যেতিয়া দীঘলীয়া সময়ৰ পিছত দললৈ উভতিছিলোঁ, তেতিয়া বিৰাট কোহলিয়ে মোক সমর্থন জনাইছিল৷ তেওঁৰ সমর্থন নথকা হ’লে মই কেতিয়াও প্রত্যাৱর্তন কৰিব নোৱাৰিলোঁহেঁতেন৷ কিন্তু সেইখিনি সময়তে মহেন্দ্র সিং ধোনীয়ে মোক স্পষ্ট কৰি দিছিল যে ২০১৯ৰ বিশ্বকাপত নির্বাচকে মোক দলত বিচৰা নাই৷ তেওঁ মোক প্রকৃত ছবিখন দেখুৱাই দিছিল৷ অৱশ্যে ধোনীয়ে যথা সম্ভৱ মোক সমর্থন জনাইছিল৷ বিশেষকৈ ২০১১ৰ বিশ্বকাপ পর্যন্ত মোৰ ওপৰত ধোনীৰ অগাধ বিশ্বাস আছিল৷ কিন্তু কর্কট ৰোগ জয় কৰি দললৈ উভতি অহাৰ পিছৰ পৰা দলত যথেষ্টখিনি সালসলনি ঘটিছিল৷ ২০১৫ৰ বিশ্বকাপতো মই স্থান লাভ নকৰিলোঁ৷ অৱশ্যে এই বিষয়ে মই অধিক দীঘলীয়াকৈ ক’ব নিবিচাৰোঁ৷’– যুৱৰাজে এইদৰে কয়৷ মন কৰিবলগীয়া যে ২০০৭ৰ টি–২০ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে ৬টা বলত ৬টা ছিক্সাৰ কোবাই চাঞ্চল্যৰ সৃষ্টি কৰা বাঁওহতীয়া বেটছমেনগৰাকীয়ে ২০১৭ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতৰ হৈ অন্তিমখন মেচ খেলিছিল৷