এছিয়া কাপৰ বাবে পাকিস্তান ক্রিকেট দল ঘোষণা, দলত স্থান নাপালে দুই তাৰকা ক্রিকেটাৰে
নিউজ ডেস্ক, ১৮ আগষ্ট : আসন্ন এছিয়া কাপৰ বাবে ১৭জনীয়া দল ঘোষণা কৰিলে পাকিস্তান ক্রিকেট ব’র্ডে৷ দলত স্থান নাপালে দুই প্রাক্তন অধিনায়ক বাবৰ আজম আৰু মহম্মদ ৰিজৱানে৷
এছিয়া কাপত পাকিস্তানক নেতৃত্ব দিব ছলমন আলী আঘাই৷ এই দলটোৱে এছিয়া কাপৰ পূর্বে অনুষ্ঠিত হ’বলগীয়া ত্রিদেশীয় শৃংখলাতো খেলিব৷ এই শৃংখলাৰ অন্য দুটা দল হৈছে– আফগানিস্তান আৰু সংযুক্ত আৰব আমিৰশ্বাহী৷ উল্লেখ্য যে এইবাৰৰ এছিয়া কাপ অনুষ্ঠিত হ’ব টি–২০ ফৰমেটত৷ কিছুদিন ধৰি পাকিস্তানৰ টি–২০ দলত স্থান পোৱা নাই দুই প্রাক্তন অধিনায়কে৷ সেই অনুসৰিয়েই এছিয়া কাপৰ বাবে আজম আৰু ৰিজৱানক দলভুক্ত কৰা হোৱা নাই৷ অৱশ্যে দলত স্থান পাইছে দুই অভিজ্ঞ বলাৰ শ্বাহিন শ্বাহ আফ্রিদী আৰু হেৰিছ ৰৌফে৷ ফখৰ জামান, খুছদিল শ্বাহৰ দৰে বেটাৰে স্থান পাইছে দলত৷ উইকেটৰক্ষক হিচাপে আছে মহম্মদ হেৰিছ৷
উল্লেখ্য যে এছিয়া কাপৰ গ্রুপ ‘এ’ত আছে পাকিস্তান৷ এই গ্রুপতে আছে ভাৰত৷ অন্য দুটা দল হৈছে ওমান আৰু সংযুক্ত আৰব আমিৰশ্বাহী৷ ১২ ছেপ্টেম্বৰত ওমানৰ বিৰুদ্ধে আৰু ১৪ ছেপ্টেম্বৰত ভাৰতৰ বিৰুদ্ধে খেলিব পাকিস্তানে৷ দলটোৱে ১৭ ছেপ্টেম্বৰত সংযুক্ত আৰব আমিৰশ্বাহীৰ বিপক্ষে অৱতীর্ণ হ’ব৷