পাকিস্তানী খেলুৱৈৰ বিৰুদ্ধে PCBৰ কঠোৰ ব্যৱস্থা
টি–২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ ৮ পৰ্যায়ৰ পৰা পাকিস্তান দল বাহিৰ হোৱাৰ পিছতে পাকিস্তান ক্ৰিকেট ব’ৰ্ড (PCB)য়ে দলটোৰ প্ৰতিজন খেলুৱৈৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। আইচিচি পুৰুষৰ টি–২০ বিশ্বকাপত দুৰ্বল প্ৰদৰ্শনৰ ফলত এতিয়া পাকিস্তান দলৰ খেলুৱৈসকলে নিজৰ পকেটৰ পৰাই মূল্য দিব লাগিব।
সূত্ৰ অনুসৰি, PCBয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি প্ৰতিজন খেলুৱৈক জৰিমনা বিহাৰ সিদ্ধান্ত লৈছে। বিশ্বকাপৰ ছুপাৰ ৮ৰ পৰা বিদায় লোৱা আৰু গ্ৰুপ পৰ্যায়ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পিছতেই ব’ৰ্ডে এই পদক্ষেপ লয়।
খবৰ অনুসাৰে, টি–২০ বিশ্বকাপত অংশগ্ৰহণ কৰা প্ৰতিজন পাকিস্তানী খেলুৱৈক ৫০ লাখ পাকিস্তানী টকা (প্ৰায় ১৬ লাখ ভাৰতীয় টকা) জৰিমনা ধৰা হৈছে। এই ধনৰাশি খেলুৱৈসকলৰ দৰমহা অথবা মেচ ফীৰ পৰা কৰ্তন কৰা হ’ব।
উল্লেখযোগ্য যে, একেৰাহে চতুৰ্থবাৰৰ বাবে আইচিচি টুৰ্ণামেণ্টত পাকিস্তান দলে ছেমিফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। এনে পৰিস্থিতিত ব’ৰ্ডে স্পষ্ট কৰি দিছে যে দুৰ্বল প্ৰদৰ্শনৰ ফল এতিয়া পোনপটীয়াকৈ আৰ্থিক লোকচানলৈ ৰূপান্তৰিত হ’ব।
ইতিপূৰ্বেও পাকিস্তান ক্ৰিকেটত ফলাফলক লৈ কঠোৰতা দেখা গৈছিল, কিন্তু এইবাৰৰ বৃহৎ অংকৰ জৰিমনাই ক্ৰীড়া মহলত ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক, ২ মাৰ্চ