নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ গৌৰীপুৰৰ মৰাপাট গুদামত ভয়ানক অগ্নিকাণ্ড

যোৱানিশা ধুবুৰীৰ গৌৰীপুৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। চহৰখনৰ শ্মশানৰ সমীপত থকা এটা মৰাপাট গুদামত সংঘটিত হোৱা অগ্নিকাণ্ডত কথমপি ৰক্ষা পৰে বৃহত্তৰ অঞ্চলটো।

উল্লেখ্য যে অগ্নিকাণ্ডটোৰ ঘটনাটো ইমানেই ভয়ানক আছিল যে যোৱানিশাৰ পৰা অহৰহ প্ৰচেষ্টা চলাই আজি পুৱতি নিশাহে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডটোৰ কিদৰে সূত্ৰপাত ঘটিল সেয়া এতিয়ালৈকে জানিব পৰা যোৱা নাই।

ইপিনে, ভয়ানক অগ্নিকাণ্ডটোৰ পিছত গৌৰীপুৰ চহৰৰ মাজমজিয়াৰ এটা জনাকীৰ্ণ অঞ্চল তথা এটা পেট্ৰ’ল পাম্পৰ সমীপত কিদৰে মৰাপাট গুদাম স্থাপন কৰাৰ অনুমতি দিয়া হৈছিল, সেই প্ৰশ্নও উত্থাপন হৈছে বহুতৰে মাজত।

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২ মাৰ্চ :

You might also like