নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সীমা বিবাদ–কেন্দ্রীয় আঁচনিৰ ৰূপায়ণঃ সংসদ ভৱনত মোদীক সাক্ষাৎ ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ অসম–মিজোৰাম সীমা বিবাদৰ শেহতীয়া পৰিস্থিতিক লৈ আলোচনাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে৷ দিনৰ ১১.১৫ বজাত সংসদ ভৱনত থকা প্রধানমন্ত্রীৰ কার্যালয়ত হোৱা আলোচনাত সীমান্তৰ শেহতীয়া উত্তেজনা প্রশমনৰ বাবে অসমে গ্রহণ কৰা পদক্ষেপসমূহৰ কথা মুখ্যমন্ত্রী ড০ শর্মাই সবিস্তাৰে ব্যাখ্যা কৰে প্রধানমন্ত্রী মোদীক৷ আইজলত দুয়ো ৰাজ্যৰ মন্ত্রীসকলৰ মাজত হোৱা আলোচনাৰ বিষেয়েও তেওঁ প্রধানমন্ত্রীক অৱগত কৰে৷

এক বিশেষ সূত্রযোগে জানিব পৰা মতে, ৰাজনৈতিক পর্যায়ত উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ সৈতে থকা সীমা বিবাদ নিষ্পত্তিৰ বাবে প্রধানমন্ত্রী মোদীয়ে মুখ্যমন্ত্রী ড০ শর্মাৰ সমুখত গুৰুত্ব আৰোপ কৰিছে৷

লক্ষণীয়ভাৱে অসম–মিজোৰাম সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ উপৰি অৰুণাচল প্রদেশ, মেঘালয় আৰু নাগালেণ্ডৰ সৈতে থকা সীমা বিবাদৰ প্রসংগও মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীৰ ওচৰত উত্থাপন কৰাৰ কথা সূত্রটোৰ দাবী৷ অৱশ্যে প্রধানমন্ত্রী মোদীক সাক্ষাতৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই কৰা টুইটত তেওঁ প্রধানমন্ত্রীৰ সৈতে আন কেইবাটাও প্রসংগৰ অৱতাৰণা কৰা বুলি প্রকাশ কৰিছে৷ প্রধানমন্ত্রীয়ে প্রদর্শন কৰা পথত অসমে কেনেদৰে উন্নয়নমূলক কাম–কাজ আগবঢ়াই নিছে, সেই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রীৰ সমুখত দাঙি ধৰা বুলি টুইটাৰত ড০ শর্মাই প্রকাশ কৰিছে৷

লগতে বড়ো শান্তি প্রক্রিয়াৰ অগ্রগতি আৰু ড্রাগ্ছ মাফিয়াৰ বিৰুদ্ধে অসমে চলাই থকা অভিযান সন্দর্ভত তেওঁ প্রধানমন্ত্রী মোদীক অৱগত কৰে৷

আনহাতে, কেন্দ্রীয় আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্রত ৰাজ্য চৰকাৰে লৈ থকা পদক্ষেপৰ কথাও মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীৰ সমুখত দাঙি ধৰে৷

মন কৰিবলগীয়া যে পূর্বনির্ধাৰিত কার্যসূচী অনুসৰি ৰাজ্যৰ দলীয় সাংসদসকলৰ সৈতে মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰাৰ কথা আছিল যদিও শেষমুহূর্তত মুখ্যমন্ত্রী ড০ শর্মাই অকলেই প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰে৷

উল্লেখ্য যে প্রধানমন্ত্রী মোদীক সাক্ষাতৰ পূর্বে সীমান্তৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্রীজনে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতেও আলোচনাত মিলিত হোৱাৰ কথা জানিব পৰা গৈছে৷ তদুপৰি প্রধানমন্ত্রী মোদীক সাক্ষাৎ কৰাৰ পাছত মুখ্যমন্ত্রী ড০ শর্মাই সংসদ ভৱনত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডাভাইয়া আৰু ড’নাৰ মন্ত্রী জি কিষাণ ৰেড্ডীক সাক্ষাৎ কৰি বিভাগীয় বিভিন্ন বিষয়ত আলোচনা কৰে৷ ইয়াৰ পাছত সন্ধিয়াৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মাই কেন্দ্রীয় পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকৰিকো সাক্ষাৎ কৰে৷

লক্ষণীয়ভাৱে গাডকাৰিক সাক্ষাতৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাৰ সৈতে চমু এক আলোচনাত মিলিত হয়৷ ৰাজ্যৰ মন্ত্রীসভাৰ সম্প্রসাৰণক লৈ শেহতীয়াকৈ অসমত চলি থকা জল্পনা–কল্পনাৰ মাজত নাড্ডাৰ চৰকাৰী বাসভৱনত হোৱা এই বৈঠকখন আছিল যথেষ্ট তাৎপর্যপূর্ণ৷ পিছে মুখ্যমন্ত্রী ড০ শর্মাই কালি সমগ্র দিনটো সংবাদ মাধ্যমক এৰাই চলা পৰিলক্ষিত হয়৷ আনকি ৰাজ্যৰ বিজেপি সাংসদসকলেও মুখ্যমন্ত্রী ড০ শর্মাৰ দিল্লী ভ্রমণক লৈ সাংবাদিকৰ আগত কোনো ধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থাকে৷

You might also like