নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দমনীয় প্ৰদৰ্শন পঞ্জাব কিংছৰ, লক্ষ্ণৌৰ পৰাস্ত

আইপিএল ২০২৬ত দমনীয় প্ৰদৰ্শন অব্যাহত আছে পঞ্জাব কিংছৰ। দলটোৱে এক বৃহৎ স্ক’ৰ গঢ়ি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক ৫৪ ৰানত পৰাস্ত কৰিবলৈ সক্ষম হয়। প্ৰথমে বেটিং কৰি পঞ্জাব কিংছে আইপিএল ২০২৬ প্ৰতিযোগিতাৰ এতিয়ালৈকে সৰ্বাধিক স্ক’ৰ স্থাপন কৰে, যাৰ সন্মুখত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বেটিং শাৰী টিকি থাকিব নোৱাৰিলে। লক্ষ্য খেদি নামি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে নিৰ্ধাৰিত ২০ অভাৰত ২০০ ৰানহে সংগ্ৰহ কৰে।

প্ৰথমে বেটিং কৰি পঞ্জাব কিংছে ২৫৪ ৰানৰ বিশাল স্ক’ৰ থিয় কৰায়, যি আইপিএল ২০২৬ৰ এতিয়ালৈকে সৰ্বাধিক দলীয় স্ক’ৰ হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত দলটোৱে পূৰ্বে আৰচিবিৰ ২৫০ ৰানৰ স্ক’ৰক অতিক্ৰম কৰে। পঞ্জাবৰ হৈ আক্রমণাত্মক বেটিং প্ৰদৰ্শন কৰে প্ৰিয়াংশ আৰ্য আৰু কুপাৰ কনলীয়ে। দুয়োৱে দ্ৰুত অর্ধশতক অৰ্জন কৰি দলটোক বিশাল স্ক’ৰলৈ আগবঢ়াই নিয়ে।

২৫৫ ৰানৰ লক্ষ্য খেদি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ আৰম্ভণি যথেষ্ট ভাল আছিল। মিচেল মাৰ্ছ আৰু আয়ুস বডোনীয়ে পাৱাৰপ্লে’ত দ্ৰুত ৬১ ৰান সংগ্ৰহ কৰি দলটোক শক্তিশালী আৰম্ভণি দিয়ে। মাৰ্ছে ৪০ ৰান আৰু বডোনীয়ে ৩৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ লগতে অধিনায়ক ঋষভ পণ্টে ২৩টা বলত ৪৩ ৰান কৰি দলটোক আগবঢ়াবলৈ চেষ্টা কৰে।

মধ্যভাগত মাৰ্কৰামে ২২টা বলত ৪২ ৰানৰ দ্ৰুত ইনিংছ খেলি শেষ মুহূৰ্তলৈ যুঁজ অব্যাহত ৰাখে যদিও লক্ষ্য অতিক্ৰম কৰিবলৈ সেই ইনিংছ যথেষ্ট নহ’ল। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে আৰম্ভণিতে ভাল ৰান ৰেট বজাই ৰাখিলেও পিছৰ অভাৰসমূহত ধাৰাবাহিকভাৱে উইকেট পতন হোৱাটো দলটোৰ পৰাজয়ৰ মুখ্য কাৰণ হিচাপে পৰিগণিত হয়।

বিশাল লক্ষ্য খেদি খেলাৰ সময়ত ১০ অভাৰলৈকে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ ৰান ৰেট ১০ৰ ওপৰত আছিল। কিন্তু তাৰ পিছত বেটছমেনসকলে ৰান ৰেট বৃদ্ধি কৰিব নোৱাৰা আৰু নিয়মিত ব্যৱধানত উইকেট পতন হোৱাত দলটো চাপত পৰে। ফলস্বৰূপে ২০ অভাৰৰ শেষত দলটোৱে ২০০ ৰানহে সংগ্ৰহ কৰে আৰু ৫৪ ৰানত পৰাজিত হয়।

এই জয়ৰ জৰিয়তে পঞ্জাব কিংছে প্ৰতিযোগিতাখনত নিজৰ শক্তিশালী উপস্থিতি পুনৰ প্ৰমাণ কৰে। আনহাতে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বাবে এই পৰাজয় দলটোৰ বাবে এক গুৰুত্বপূৰ্ণ শিক্ষা হিচাপে বিবেচিত হৈছে।

ডিজিটেল ডেস্ক, ২০ এপ্ৰিল

You might also like