নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্তিম টেষ্টৰ পৰা বাহিৰ হনুমা বিহাৰী

নিয়মীয়া বাৰ্তা, ১২ জানুৱাৰীঃ ছিডনী টেষ্টৰ নায়ক হনুমা বিহাৰী চতুর্থ তথা অন্তিম টেষ্টৰ পৰা বাহিৰ হৈছে৷ হেমষ্ট্রিঙৰ আঘাতৰ বাবে খেলুৱৈগৰাকী অতি কমেও চাৰি সপ্তাহ খেলপথাৰৰ পৰা বাহিৰত থাকিব লাগিব বুলি বি চি চি আইৰ এক সূত্রই  জানিবলৈ দিছে৷

উল্লেখ্য যে অষ্ট্রেলিয়াৰ বিৰুদ্ধে আজি তৃতীয় টেষ্টৰ অন্তিম দিনা অদম্য সাহস আৰু দৃঢ়তাৰ পৰিচয় দি ভাৰতক পৰাজয়ৰ পৰা উদ্ধাৰ কৰা অন্ধ্রপ্রদেশৰ বেটছমেনগৰাকীয়ে হেমষ্ট্রিঙৰ আঘাত সত্ত্বেও দলৰ স্বার্থত খেলপথাৰত নামিছিল৷ মেচৰ অন্তত তেওঁৰ স্কেন কৰা হয় আৰু চিকিৎসকে বিহাৰীক অতি কমেও চাৰি সপ্তাহৰ বিশ্রামৰ পৰামর্শ দিছে৷ ইয়াৰ ফলত বেটছমেনগৰাকীয়ে অহা মাহত ভাৰতত ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া টেষ্ট শৃংখলালৈও অনিশ্চিত হৈ পৰিছে৷

You might also like