নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই চি চি টি–২০ ৰেংকিংঃ পঞ্চমলৈ উন্নীত কোহলি

নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আই চি চি টি–২০ ৰেংকিঙৰ বেটছমেন শাখাৰ শীর্ষ পঞ্চমলৈ উভতি আহিছে৷ সদ্যপ্রকাশিত আই চি চি টি–২০ ৰেংকিঙৰ বেটছমেন শাখাত এটা স্থান আগুৱাই পঞ্চম স্থানলৈ উন্নীত হৈছে কোহলি৷ আলহী দল ইংলেণ্ডৰ বিপক্ষে খেলি থকা পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ দ্বিতীয় আৰু তৃতীয়খন মেচত দর্শনীয় অর্ধশতকীয় ইনিংছ খেলাৰ সুবাদত স্থানৰ উন্নতি ঘটিছে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীৰ৷ ৭৪৪ ৰেটিং পইণ্টেৰে কোহলিয়ে দক্ষিণ আফ্রিকাৰ ভান ডাৰ ডুছেনক আঁতৰাই পঞ্চম স্থানটো অধিকাৰ কৰে৷ মন কৰিবলগীয়া যে ক্রিকেটৰ তিনিওটা সংস্কৰণৰ ৰেংকিঙৰ শীর্ষ পাঁচটা স্থানৰ ভিতৰত থকা বিৰাট কোহলি হ’ল বিশ্বৰ একমাত্র খেলুৱৈ৷ ইংলেণ্ডৰ ডেভিড মালানে শীর্ষ স্থান দখল কৰি থকা বেটছমেন শাখাত এটা স্থানৰ অৱনমন ঘটিছে ভাৰতীয় দলটোৰ অ’পেনাৰ লোকেশ ৰাহুলৰ৷ ইংলেণ্ডৰ বিপক্ষে খেলি থকা টি–২০ শৃংখলাটোৰ প্রথম তিনিওখনতে ব্যর্থ হোৱা ৰাহুলে এটা স্থান পিছুৱাই চতুর্থ স্থানলৈ অৱনমিত হৈছে৷ বেটছমেন শাখাত অষ্ট্রেলিয়াৰ আৰন ফিন্সে দ্বিতীয় আৰু পাকিস্তানৰ বাবৰ আজমে তৃতীয় স্থানটো অধিকাৰ কৰি আছে৷ ইপিনে, আফগানিস্তাৰ ৰছিদ খানে শীর্ষ স্থান দখল কৰি থকা বলিং শাখাৰ শীর্ষ দহত ভাৰতৰ কোনো এগৰাকী বলাৰে স্থান লাভ কৰিবলৈ সক্ষম নহ’ল৷

You might also like