নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএলৰ প্ৰথম দিনাই অভিলেখ, জয়েৰে অভিযান আৰম্ভ ডিফেণ্ডিং চেম্পিয়ন আৰচিবিৰ

ডিজিটেল ডেস্ক, ২৯ মার্চ : ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে সহজ জয়েৰে শনিবাৰৰ পৰা আৰম্ভ হোৱা আইপিএলৰ ১৯সংখ্যক সংস্কৰণত অভিযান আৰম্ভ কৰিছে৷ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী মেচখনত ঘৰুৱা দল আৰচিবিয়ে ছানৰাইজার্ছ হায়দৰাবাদক ৬ উইকেটত পৰাস্ত কৰে৷

মেচখনত ছানৰাইজার্ছে জয়ৰ বাবে বান্ধি দিয়া ২০২ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি বিৰাট কোহলিৰ ৩৮ বলত অপৰাজিত ৬৯ আৰু দেৱদূত পাড়িকালৰ ২৬ বলত ৬১ ৰানৰ সহায়ত আৰচিবিয়ে ১৫.৪ অ’ভাৰত চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷ অধিনায়ক ৰজত পাটিদাৰে ৩১ ৰানৰ অৰিহণা আগবঢ়ায়৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও অধিনায়ক ঈশান কিশনৰ বিস্ফোৰক ৮০ আৰু অনিকেত বার্মাৰ ৪৩ ৰানৰ সহায়ত ছানৰাইজার্ছ হায়দৰাবাদে নির্ধাৰিত ২০ অ’ভাৰত ৯টা উইকেট হেৰুৱাই ২০১ ৰান সংগ্রহ কৰে৷ দলীয় স্ক’ৰ ২৯ ৰানতে অ’পেনাৰদ্বয় অভিষেক শর্মা (৭) আৰু ট্রেভিছ হেড (১১)ৰ লগতে নীতিশ কুমাৰ ৰেড্ডীক (১) হেৰুৱাই বিপদত পৰে দলটো৷ অৱশ্যে ঈশানে ক্লাছেনৰ সৈতে লগ লাগি চতুর্থ উইকেটত ৯৭ ৰান সংগ্রহ কৰি দলৰ বিপর্যয় ৰোধ কৰে৷ ক্লাছেনে ৩১ ৰান কৰি বিদায় লয় যদিও ঈশানে ৩৮টা বলত ৮টা চাৰি আৰু ৫টা ছয়েৰে ৮০ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷ ইফালে অনিকেতে মাত্র ১৮টা বলত ৩টা চাৰি আৰু ৪টা ছয়েৰে ৪৩ ৰান সংগ্রহ কৰি ছানৰাইজার্ছক শক্তিশালী স্থিতিত উপনীত কৰায়৷ আৰচিবিৰ হৈ জেকব ডাফি আৰু ৰোমাৰি’ শ্বেফার্ড উভয়ে সর্বাধিক তিনিটাকৈ উইকেট লাভ কৰে৷

লক্ষণীয়াভাৱে আই পি এল ২০২৬ৰ প্ৰথম দিনাই অভিলেখৰ জোৱাৰ উঠে এম চিন্নাস্বামী ষ্টেডিয়ামত। বিৰাট কোহলিৰ বিশ্ব অভিলেখৰ পৰা আৰম্ভ কৰি আৰ চি বিৰ ঐতিহাসিক ৰান চেজলৈকে বহু অভিলেখ গঢ়ি উঠে এই মেচখনত। আই পি এলৰ প্ৰথমখন মেচতে কোহলিয়ে এক বিশ্ব অভিলেখ গঢ়ে। মেচখনত বিৰাট কোহলিয়ে ৬৯ ৰানৰ অপৰাজিত মেচ বিজয়ী ইনিংছ খেলে। ইয়াৰ লগে লগে তেওঁ আই পি এলত ৰান চেজৰ সময়ত ৪০০০ ৰান সম্পূৰ্ণ কৰে। ফলত আই পি এলত ৰান চেজ কৰি ৪০০০ ৰান সংগ্ৰহ কৰা বিশ্বৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে বিৰাট কোহলি ।

You might also like