নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোৰ আঘাত গুৰুতৰ নহয়, এতিয়া যথেষ্ট সকাহ পাইছোঁঃ অষ্ট্রেলিয়াৰে টেষ্ট শৃংখলালৈ সাজু ৰোহিত

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ টীম ইণ্ডিয়াৰ অ’পেনাৰ ৰোহিত শর্মাৰ আঘাতক লৈ শেহতীয়াকৈ দেশৰ ক্রিকেট মহলত সৃষ্টি হোৱা তীব্র বিতর্কৰ মাজতে এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে তাৰকা ক্রিকেটাৰগৰাকীয়ে৷ হেমষ্ট্রিঙৰ আঘাতৰ পৰা নিজকে সম্পূর্ণৰূপে সুস্থ কৰি তুলিবলৈ সম্প্রতি বাংগালুৰুস্থিত ৰাষ্ট্রীয় ক্রিকেট একাডেমীত থকা বেটছমেনগৰাকীয়ে কয় যে তেওঁৰ আঘাত গুৰুতৰ নহয় বুলি তেওঁ ভালকৈ জানে৷ সেয়ে আই পি এলৰ প্লে অফৰ পূর্বেই মুম্বাই ইণ্ডিয়ানছৰ হৈ তেওঁ খেলপথাৰত নামিছিল৷

উল্লেখ্য যে অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া এদিনীয়া, টি–২০ আৰু টেষ্ট দলৰ বাবে ঘোষিত ভাৰতীয় দলত ৰোহিতে আঘাতৰ বাবে স্থান নোপোৱাৰ এদিন পাছতে মুম্বাই ইণ্ডিয়ানছৰ হৈ তাৰকাগৰাকীয়ে অনুশীলনত নমাৰ বাবে দেশৰ ক্রিকেট মহলত ব্যাপক চর্চা আৰম্ভ হয়৷ অধিনায়ক কোহলিৰ সৈতে সংঘাত সৃষ্টি হোৱাৰ বাবে ৰোহিতক ষড়যন্ত্র কৰি দলৰ পৰা বাদ দিয়া বুলিও একাংশই মতপোষণ কৰে৷

এই সন্দর্ভত টীম ইণ্ডিয়াৰ এদিনীয়া দলৰ সহঃধিনায়কগৰাকী কয় যে তেওঁক কেন্দ্র কৰি কোনে কি চর্চা কৰিছে সেয়া তেওঁ একো নাজানে৷ ‘মোৰ আঘাতক লৈ ক্রিকেট মহলত কি চর্চা চলিছে সেই সন্দর্ভত মই অৱগত নহয়৷ মই মাথোঁ মোৰ আঘাত সন্দর্ভত বি চি চি আই আৰু মুম্বাই ইণ্ডিয়ানছৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছিলোঁ৷

মুম্বাই ইণ্ডিয়ানছৰ দলীয় মেনেজমেণ্টক মই কৈছিলোঁ যে প্লে অফৰ পূর্বে মই খেলপথাৰত নামিব পাৰিম, যিহেতু এয়া চমু সংস্কৰণৰ মেচ৷ তেতিয়া মই কোনো অসুবিধাৰ সন্মুখীন হোৱা নাছিলোঁ, সেয়ে ফাইনেলতো আত্মবিশ্বাসেৰে খেলপথাৰত নামিছিলোঁ৷’ –ৰোহিতে এইদৰে কয়৷

হেমষ্ট্রিঙৰ আঘাতৰ পৰা সম্প্রতি যথেষ্ট সকাহ লাভ কৰা বুলি উল্লেখ কৰি তাৰকাগৰাকীয়ে লগতে কয় যে টেষ্ট শৃংখলালৈ সম্পূর্ণ সুস্থ আৰু আত্মবিশ্বাসেৰে খেলপথাৰত নামিবলৈ তেওঁ সাজু হৈছে৷ উল্লেখ্য যে অষ্ট্রেলিয়া ভ্রমণৰ পৰা আৰম্ভণিতে বাদ পৰিলেও পৰৱর্তী সময়ত বি চি চি আয়ে ৰোহিতক টেষ্ট দলত অন্তর্ভুক্ত কৰে৷

You might also like