নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউ এ ইলৈ ৯খন বেট কঢ়িয়াই নিছে ৰোহিত শর্মাই

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ কলকাতা নাইট ৰাইডার্ছৰ বিৰুদ্ধে বিস্ফোৰক ৮০ ৰানৰ ইনিংছেৰে আই পি এলত দুর্দান্ত ফর্মৰ ইংগিত দিছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শর্মাই৷ সুবিশাল ছিক্সাৰ কোবোৱাৰ বাবে বিশ্ব ক্রিকেটত বিশেষভাৱে পৰিচিত অ’পেনাৰগৰাকীয়ে এইবাৰ বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগত একপ্রকাৰ ৰানৰ জোৱাৰ তোলাৰ লক্ষ্যৰে ইউ এ ইলৈ ৰাওনা হৈছিল৷ ইয়াৰ বাবে তেওঁ নিজৰ ক্রিকেট বেগত ৯খনকৈ পছন্দৰ বেট মৰুৰ দেশলৈ কঢ়িয়াই নিছে৷ আই পি এলৰ দৰে আকর্ষণীয় টি–২০ লীগত যথেষ্ট পৰিমাণে বিগ হিটিং শ্বট খেলিবলগীয়া হয় বাবে সঘনাই বেট ভঙাৰ আশংকা থকাৰ বাবেই ৰোহিতে ৯খনকৈ বেট কঢ়িয়াই নিয়া বুলি সদৰী কৰিছে৷

মুম্বাই ইণ্ডিয়ানছৰ অফিচিয়েল টুইটাৰ একাউণ্টত প’ষ্ট কৰা এক ভিডিঅ’ত তাৰকা বেটছমেনগৰাকীয়ে কয় যে মহামাৰী ক’ভিড–১৯ৰ বাবে সম্প্রতি চৌদিশে এক জটিল পৰিস্থিতি চলি আছে৷ সেয়ে তেওঁ সতর্কতামূলক ব্যৱস্থা হিচাপে ৯খনকৈ বেট স্বদেশৰ পৰা নিজৰ লগত লৈ গৈছে৷ ‘আই পি এলৰ দৰে টি–২০ ফৰমেটত মোৰ বেট এমাহ বা দুমাহে বর্তি থাকে৷ সম্প্রতি পৰিস্থিতি জটিল হৈ থকাৰ বাবে সময়ত মই কুৰিয়াৰৰ ওপৰত ভৰসা কৰিব নোৱাৰোঁ৷ সেয়ে আগতীয়াকৈ মই ৯খন বেট যোগাৰ কৰি ৰাখিছোঁ৷’ ৰোহিতে এইদৰে কয়৷

You might also like