নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাদেজা–চাওলাৰ ফর্ম চিন্তাৰ কাৰণ হৈছে চি এছ কেৰ বাবে

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ ক্রমাগত দুখন মেচত অপ্রত্যাশিতভাৱে ব্যর্থ হোৱা চেন্নাই ছুপাৰ কিংছৰ দুই তাৰকা স্পীনাৰ ৰবীন্দ্র জাদেজা আৰু পীয়ূূষ চাওলাৰ দুর্বল ফর্ম চিন্তাৰ কাৰণ হৈ পৰিছে মহেন্দ্র সিং ধোনী নেতৃত্বাধীন তিনিবাৰৰ চেম্পিয়ন দলটোৰ৷ যোৱানিশা দিল্লী কেপিটেলছৰ হাতত ৪৪ ৰানত পৰাস্ত হোৱাৰ পিছত এই কথা প্রকাশ কৰে চি এছ কেৰ প্রশিক্ষক ষ্টিফেন ফ্লেমিঙে৷ ‘চি এছ কেৰ অন্যতম শক্তি আছিল দলটোৰ অভিজ্ঞ স্পীন বিভাগ৷ বিগত ১২ বছৰ ধৰি দলটোৰ সাফল্যত স্পীন বিভাগে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছিল৷ কিন্তু এইবাৰ স্পীন বিভাগৰ প্রদর্শনে আমাক চিন্তাত পেলাইছে৷ বিগত দুখন মেচত জাদেজা আৰু চাওলাই প্রত্যাশিত বলিং প্রদর্শন দাঙি ধৰিব পৰা নাই৷

আগন্তুক মেচসমূহত আমি এই ভুলসমূহ শুধৰাই খেলপথাৰত নামিব লাগিব৷’ প্রশিক্ষক ফ্লেমিঙে এইদৰে কয়৷ উল্লেখ্য যে চি এছ কেৰ আগশাৰীৰ তাৰকা জাদেজাই এইপর্যন্ত মাত্র দুটা উইকেট দখল কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে তেওঁ ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে নিজৰ ৪ অভাৰৰ বলিঙত ৪০ৰো অধিক ৰান ব্যয় কৰিছে৷ আনহাতে, অভিজ্ঞ স্পীনাৰ চাওলাই ৪টা উইকেট দখল কৰিছে যদিও ৰাজস্থানৰ বিৰুদ্ধে তেওঁ ৪ অভাৰত ৫৫ ৰান ব্যয় কৰিছিল৷ ধোনী বাহিনীয়ে অহা ২ অক্টোবৰত ছানৰাইজার্ছ হায়দৰাবাদৰ বিৰুদ্ধে পৰৱর্তী মেচ খেলিব৷

You might also like