নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মিথৰ আঘাতক লৈ চিন্তিত ৰাজস্থান ৰয়েলছ, খেলিব নোৱাৰে জ’ছ বাটলাৰে

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ আই পি এলত মঙলবাৰে শক্তিশালী চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ পূর্বে জটিল সমস্যাৰ সন্মুখীন হৈছে ৰাজস্থান ৰয়েলছ৷ বিদেশী তাৰকাৰ ওপৰত অধিক নির্ভৰশীল দলটোৰ অধিনায়ক ষ্টিভেন স্মিথ মূৰৰ আঘাতৰ পৰা সম্পূর্ণৰূপে সুস্থ হৈ নুঠাৰ সময়তে ইংলেণ্ডৰ তাৰকা বেটছমেন জছ বাটলাৰেও প্রথমখন মেচত অংশ ল’ব নোৱাৰিব বুলি কালি ঘোষণা কৰিছে৷

কোৱাৰেণ্টাইনৰ সময় অন্ত নপৰাৰ বাবে বাটলাৰে ৰাজস্থান ৰয়েলছৰ হৈ প্রথমখন মেচ খেলিব নোৱাৰে বুলি ইংলেণ্ডৰ তাৰকা উইকেটৰক্ষক বেটছমেনগৰাকীয়ে জানিবলৈ দিছে৷ উল্লেখ্য যে অষ্ট্রেলিয়াৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত অংশ লোৱাৰ পিছত যোৱা বৃহস্পতিবাৰে নিশা ইউনাইটেড আৰব এমিৰেটছত উপস্থিত হৈছিল বাটলাৰ৷

বি চি চি আইৰ প্রট’কল অনুসৰি তেওঁ ৩৬ ঘণ্টাৰ কোৱাৰেণ্টাইনত থাকিব লাগিব৷ ইফালে, বাটলাৰৰ লগতে সম্প্রতি কোৱাৰেণ্টাইনত থকাত ষ্টিভেন স্মিথ আৰু জ’ফ্রা আর্চাৰৰ ক’ভিড টেষ্টৰ ফলাফল নিগেটিভ আহিছে৷ ফলত তেওঁলোকে ৰাজস্থান ৰয়েলছৰ দলীয় শিবিৰত যোগ দিয়াৰ অনুমতি পাইছে৷

মন কৰিবলগীয়া যে ইংলেণ্ডৰ বিৰুদ্ধে প্রথম এদিনীয়াৰ পূর্বে অনুশীলনৰ সময়ত মূৰত আঘাতৰ সন্মুখীন হোৱা ষ্টিভেন স্মিথে ৰাজস্থান ৰয়েলছৰ প্রথমখন মেচত খেলিব পাৰে নে নোৱাৰে সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷

You might also like