নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অথলে গ’ল মায়ংক আগৰৱালৰ বিস্ফোৰক ইনিংছ, দিল্লীৰ নায়ক ৰাবাডা

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰঃ ছুপাৰ অভাৰত বিজয় সাব্যস্ত কৰি আইপিএলত অভিযান আৰম্ভ কৰিলে দিল্লী কেপিটেলছে৷ প্রতিযোগিতাখনৰ কালি দিল্লী কেপিটেলছ আৰু কিংছ একাদশ পঞ্জাবৰ মাজত অনুষ্ঠিত শ্বাসৰুদ্ধকাৰী মেচখন টাই হয় আৰু ছুপাৰ অভাৰৰ জৰিয়তে মেচখনৰ ফলাফল নির্ণয় হয়৷

ছুপাৰ অভাৰত পঞ্জাবে তিনিটা বলত দুটা উইকেট হেৰুৱাই ২ ৰান কৰাৰ বিপৰীতে দিল্লীয়ে দুটা বলত বিজয় লক্ষ্যত উপনীত হয়৷ দিল্লীৰ হৈ ৰাবাডাই দুয়োটা উইকেট লৈ মেচখনত জয়ৰ নায়ক হয়৷ মন কৰিবলগীয়া যে দিল্লীয়ে জয়ৰ বাবে বান্ধি দিয়া ১৫৮ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও মায়ংক আগৰৱালৰ ৬০ বলত ৮৯, লোকেশ ৰাহুলৰ ২১ আৰু গৌতমৰ ২০ ৰানৰ সহায়ত পঞ্জাবে নির্ধাৰিত ২০ অভাৰত ৮টা উইকেট হেৰুৱাই ১৫৭ ৰান কৰাত মেচখন টাই হয়৷

ইয়াৰ পূর্বে কিংছ একাদশ পঞ্জাবৰ আমন্ত্রণক্রমে প্রথমে বেটিং কৰিবলৈ আহি প্রাৰম্ভিক বিপর্যয় সত্ত্বেও মার্কাছ ষ্টইনিছৰ অর্ধশতক তথা অধিনায়ক শ্রেয়াছ আয়াৰৰ ৩৯ আৰু ঋষভ পণ্টৰ ৩১ ৰানৰ সহায়ত দিল্লী কেপিটেলছে নির্ধাৰিত ২০ অ’ভাৰত ৮টা উইকেট হেৰুৱাই ১৫৭ ৰান সংগ্রহ কৰে৷

দিল্লী কেপিটেলছৰ আৰম্ভণি মুঠেই সুখকৰ নাছিল৷ দলীয় স্ক’ৰ ১৩ ৰানতে তিনিগৰাকী আগশাৰীৰ বেটছমেনক হেৰুৱাই সংকটত পৰিছিল দলটো৷ অ’পেনাৰদ্বয় পৃথ্বি শ্বই ৫ আৰু শিখৰ ধাৱনে কোনো ৰান নকৰাকৈ বিদায় লোৱাৰ লগতে ছিমৰন হেটমায়াৰে ৭ ৰান কৰি পেভিলিয়নমুখী হয়৷ অৱশ্যে অধিনায়ক শ্রেয়াছ আয়াৰে ঋষভ পইণ্টৰ সৈতে লগ লাগি দলীয় স্ক’ৰ বৃদ্ধি কৰে৷

দুয়োৰে মাজত চতুর্থ উইকেটৰ যুটীত ৭৩ ৰান সংগ্রহ হোৱাৰ সময়তে পণ্টে বিদায় লয়৷ পণ্টৰ বিদায়ৰ খন্তেক পিছতে আয়াৰো পেভিলিয়নমুখী হয়৷ অৱশ্যে ষ্টইনিছে বিস্ফোৰক ৰূপ ধাৰণ কৰি দিল্লীক এক সন্মানজনক স্থিতিত উপনীত কৰায়৷ ষ্টইনিছে ২১টা বলত ৭টা চাৰি আৰু তিনিটা ছয়েৰে ৫৩ ৰানৰ গুৰুত্বপূর্ণ অৰিহণা আগবঢ়ায়৷

মন কৰিবলগীয়া যে দলটোৰ ৭গৰাকীকৈ বেটছমেনে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ অক্ষৰ পেটেলে ৬, ৰবিচন্দ্রন অশ্বিনে ৪, নর্টজে ৩ আৰু ৰাবাডাই কোনো ৰান নকৰাকৈ বিদায় লয়৷ কিংছ একাদশ পঞ্জাবৰ হৈ মহম্মদ ছামিয়ে সর্বাধিক তিনিটা উইকেট লাভ কৰাৰ লগতে কট্রেলে দুটা আৰু ৰবি বিষ্ণয়ে এটা উইকেট লয়৷

You might also like