নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুত্রক কঠিন পৰিশ্রম কৰাৰ পৰামর্শ শচীনৰ

নিয়মীয়া বার্তা, ২৬ মে’: আই পি এলৰ আৰু এটা ছিজন পাৰ হৈ গ’ল মুম্বাই ইণ্ডিয়ানছৰ৷ এই বছৰো ৰিজার্ভ বেঞ্চতে কটালে মহান ক্রিকেটাৰ শচীন তেণ্ডুলকাৰৰ পুত্র অর্জুনে৷ পাঁচবাৰৰ বিজয়ী মুম্বায়ে এইবাৰ অন্তিম স্থানেৰে আই পি এলৰ অভিযান সামৰিলে৷ কিন্তু এইবাৰো এখন মেচতো খেলোৱা নহ’ল অর্জুনক৷ ইয়াৰ পিছত হতাশ হৈ পৰা অর্জুনক সাত্ব্ন্না দি তেওঁৰ পিতৃ শচীনে কৈছে যে এই পথ অতিশয় প্রত্যাহ্বানপূর্ণ৷ এনে পথেৰে আগবাঢ়িবলৈ কঠোৰ পৰিশ্রম অব্যাহত ৰাখিব লাগিব৷

উল্লেখ্য যে মহান ক্রিকেটাৰগৰাকী মুম্বাই ইণ্ডিয়ানছৰ সৈতে জড়িত হৈ আছে যদিও তেওঁ দল নির্বাচনত হস্তক্ষেপ নকৰে বুলি স্পষ্ট কৰি দিছে৷ উল্লেখ্য যে বাঁওহতীয়া পেচ বলাৰ আৰু বাঁওহতীয়া বেটছমেন অর্জুনক পাঁচবাৰৰ আই পি এলৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ক্রয় কৰিছিল যদিও দুটা ছিজনত তেওঁক এখন মেচতো খেলাৰ সুযোগ দিয়া নহ’ল৷ ‘এয়া এক সুকীয়া প্রশ্ণ৷ মই কি ভাবিছোঁ, অথবা কি অনুভৱ কৰিছোঁ সেয়া গুৰুত্বপূর্ণ নহয়৷ ইতিমধ্যে এইবাৰ আই পি এল ছিজনৰ সমাপ্তি ঘটিছে৷’ এই বছৰ অর্জুনক প্রতিযোগিতাখনত চাব বিচাৰিছিল নেকি বুলি সোধা এক প্রশ্ণৰ উত্তৰত শচীনে এইদৰে কয়৷ তেওঁ লগতে কয়– ‘অর্জুনক এই সম্পর্কত মোৰ পৰামর্শ হ’ল এই পথ অতিশয় প্রত্যাহ্বানপূর্ণ আৰু কঠিন৷ তুমি ক্রিকেট খেলিবলৈ লোৱাৰ কাৰণ হৈছে তুমি ক্রিকেটক ভাল পোৱা৷ সেই বাবে কঠিন পৰিশ্রম কৰা আৰু পিছত ইয়াৰ ফল লাভ কৰিবা৷’ বিশ্ব ক্রিকেটত অসংখ্য অভিলেখৰ গৰাকীয়ে দল নির্বাচন সম্পর্কত কয় যে বিষয়টো তেওঁ দল মেনেজমেণ্টৰ ওপৰত এৰি দিছে৷ ‘নির্বাচন সম্পর্কত মই কওঁ যে এই বিষয়ত মই কেতিয়াও জড়িত নহওঁ৷ নির্বাচনৰ বিষয়টো দল মেনেজমেণ্টৰ৷ কাৰণ মই দলৰ সৈতে জড়িত৷’ –শচীনে এইদৰে কয়৷

উল্লেখ্য যে ২২ বছৰীয়া অর্জুনে ঘৰুৱা দল মুম্বাইৰ হৈ এই পর্যন্ত কেৱল দুখন টি–২০ মেচত অংশগ্রহণ কৰিছে৷ এইবাৰৰ আই পি এলত দলৰ ২৫জন সদস্যৰ ভিতৰত ২২জনেই খেলাৰ সুযোগ পাইছে৷ যি তিনিজনে দলত স্থান পোৱা নাই তাৰ ভিতৰত আছে অর্জুন৷ ২০২১ চনত তেওঁক ২০ লাখ টকাত ক্রয় কৰিছিল মুম্বায়ে৷ সেইবাৰ খেলাৰ সুযোগ নোপোৱা শচীন পুত্রই এইবাৰ নিলামত লাভ কৰে ৩০ লাখ টকা৷ কিন্তু এইবাৰো তেওঁ উপেক্ষিত হৈয়ে ৰয়৷

You might also like