নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ এৰি সমাজবাদী পার্টীৰ সমর্থনত উত্তৰ প্রদেশত ৰাজ্যসভাৰ নির্দলীয় প্রার্থী হিচাপে মনোনয়ন দাখিল জ্যেষ্ঠ নেতা কপিল ছিবালৰ

নিয়মীয়া বার্তা, ২৬ মে’:  অৱশেষত কংগ্রেছ এৰিলে জ্যেষ্ঠ নেতা কপিল ছিবালে৷ শতিকাপুৰণি ৰাজনৈতিক দল কংগ্রেছৰ সাংগঠনিক সংস্কাৰৰ কাৰণে মুকলি প্রকাশেৰে কংগ্রেছৰ বিদ্রোহী জি–২৩ৰ অন্যতম নেতা হিচাপে চর্চিত জ্যেষ্ঠ নেতা কপিল ছিবালে বুধবাৰে আনুষ্ঠানিকভাৱে কংগ্রেছ ত্যাগ কৰাই নহয়, উত্তৰ প্রদেশত সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভাৰ প্রার্থী হিচাপে মনোনয়ন দাখিল কৰিলে৷ নির্দলীয় হিচাপে ৰাজ্যসভাত মনোনয়ন দাখিল কৰিলেও কংগ্রেছ ত্যাগী কপিল ছিবালে উচ্চ সদনলৈ যাব সমাজবাদীৰ পূর্ণ সমর্থনত৷

উল্লেখ্য যে কংগ্রেছৰ বিপর্যয়ৰ অন্যতম কাৰক হিচাপে ৰাহুল গান্ধীৰ নেতৃত্বক লৈ মুকলিকৈ অসন্তুষ্টি প্রকাশ কৰাই নহয়, ২৩গৰাকী জ্যেষ্ঠ নেতাই ছোনিয়া গান্ধীলৈ দলটোৰ সাংগঠনিক সংস্কাৰৰ বাবে দাবী জনাই আহিছে৷ জি–২৩ৰ অন্যতম নেতা হিচাপে চর্চিত কপিল ছিবালে দলৰ সংস্কাৰৰ বাবে ৰাষ্ট্রীয় সংবাদ মাধ্যমসমূহত মুকলিকৈ বক্তব্য কৰাই নহয়, দলটোৰ অন্তৱর্তীকালীন সভানেত্রী ছোনিয়া গান্ধীকো সমালোচনা কৰি আহিছে৷ কংগ্রেছৰ বাবে অন্যতম মোক্ষম আঘাত হিচাপে চর্চিত হোৱা কপিল ছিবালে পদত্যাগ সন্দর্ভত ইণ্ডিয়া টুডে’ টিভিৰ সৈতে হোৱা সাক্ষাৎকাৰত প্রকাশ কৰিছে৷

সাক্ষাৎকাৰত কপিল ছিবালে কয়– মই অখিলজীক কৈছিলোঁ যে মই ৰাজ্যসভালৈ যাব বিচাৰোঁ আৰু এগৰাকী নির্দলীয় প্রার্থী হিচাপে অনুগ্রহ কৰি মোক সমর্থন কৰক৷ ৩০ বছৰৰ পাছত মই দলত্যাগৰ সময় অহা বুলি নিশ্চিত হৈছোঁ আৰু নির্দলীয় হিচাপে কাম কৰাৰ মন মেলিছোঁ৷ এই সময়ত কংগ্রেছৰ বিৰুদ্ধে একো ক’ব নিবিচাৰোঁ৷ বিৰোধীৰ বহু নেতাৰ সৈতে মোৰ ভাল সম্পর্ক আছে৷ মোৰ পত্নীয়ে কয়– মোৰ উত্তৰ প্রদেশৰ সৈতে এটা সম্পর্ক আছে৷ কংগ্রেছ ত্যাগ কৰি সমাজবাদী পার্টীৰ সমর্থনত ৰাজ্যসভালৈ যাব বিচৰা কপিল ছিবাল সন্দর্ভত সমাজবাদী পার্টীৰ মুৰব্বী অখিলেশ যাদৱে কয়– আজি কপিল ছিবালে মনোনয়ন দাখিল কৰিলে৷ এছ পিৰ সমর্থনত তেওঁ ৰাজ্যসভালৈ যাব আৰু দুজন ৰাজ্যসভালৈ যাব পাৰে৷ কপিল ছিবাল এগৰাকী জ্যেষ্ঠ অধিবক্তা৷ তেওঁ সংসদত নিজৰ মত সুন্দৰভাৱে উপস্থাপন কৰিব পাৰে৷ মই ভাবোঁ তেওঁ নিজৰ লগতে এছ পিৰো মতামতসমূহ সংসদত ভালদৰে উপস্থাপন কৰিব৷

মন কৰিবলগীয়া যে কংগ্রেছৰ নেতৃত্বৰ প্রতি সৰৱ কপিল ছিবালে দলৰ নতুন মুৰব্বী হিচাপে গান্ধী পৰিয়ালৰ বাহিৰৰ ব্যক্তিক বিচাৰিছিল৷ কিন্তু দলটোৰ অধিকাংশ নেতাই গান্ধী পৰিয়ালৰ বহতীয়া হৈ থাকিব বিচাৰে বাবে কপিল ছিবালসহ জি–২৩ৰ নেতাৰ দাবীসমূহ শীর্ষ নেতৃত্বই মানি ল’বলৈ অস্বীকাৰ কৰি আহিছে৷ কংগ্রেছৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী কপিল ছিবালে বুধবাৰে ৰাজ্যসভাৰ নির্দলীয় প্রার্থী হিচাপে মনোনয়ন দাখিল কৰি কয়– আমি এটা সন্মিলিত শক্তিৰে মোদী চৰকাৰৰ বিৰুদ্ধে যুঁজ দিব লাগিব৷ আমি এটা এনে পৰিৱেশ সৃষ্টি কৰিব লাগিব, যাৰ জৰিয়তে বিজেপিক বিৰোধিতা কৰিব পাৰোঁ৷ এইক্ষেত্রত তেওঁ ব্যক্তিগতভাৱে আগবাঢ়ি যাব৷

তাৎপর্যপূর্ণ যে ৰাজস্থানৰ উদয়পুৰত কংগ্রেছৰ শীর্ষ নেতাসকলে চিন্তন শিবিৰত মিলিত হৈ দলটোৰ সাংগঠনিক স্থিতিৰ উজ্জীৱিত কৰাৰ বাবে পদক্ষেপ গ্রহণৰ সময়তে পঞ্জাব কংগ্রেছৰ প্রাক্তন সভাপতি সুনীল জখৰ আৰু যুৱ নেতা হার্ডিক পেটেলে পদত্যাগ কৰাৰ কেইদিনমান পাছতে জ্যেষ্ঠ নেতা তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী কপিল ছিবালে দলত্যাগ কৰি কংগ্রেছৰ মাজত চলি থকা সংঘাতৰ ছবিখন উদঙাই দিয়ে৷

You might also like