নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসালয়ৰ পৰা মুকলি ক্রিকেটৰ ভগৱান

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ ক’ৰোনাত আক্রান্ত হৈ চিকিৎসাধীন হোৱা শচীন তেণ্ডুলকাৰ আজি ঘৰলৈ ওভতে৷ ক্রিকেটৰ ভগৱানখ্যাত একালৰ কিংবদন্তি বেটছমেনগৰাকীয়ে টুইটাৰত অনুৰাগী আৰু শুভাকাংক্ষীসকলক এই সু–সংবাদ প্রদান কৰে৷ ‘ক্ষন্তেক পূর্বে মই চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিলোঁ৷ কিছুদিনলৈ মই ঘৰতে আছুতীয়াকৈ থাকিম আৰু বিশ্রাম ল’ম৷ মোৰ চিকিৎসাৰ সৈতে জড়িত প্রতিগৰাকী চিকিৎসক, চিকিৎসাকর্মীৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ’ম৷ এই সময়ছোৱাত মোক উৎসাহিত কৰা অনুৰাগী আৰু শুভাকাংক্ষীসকলকো অশেষ ধন্যবাদ জনাইছোঁ৷’– তেণ্ডুলকাৰে এইদৰে কয়৷ উল্লেখ্য যে ২৭ মার্চত ক’ভিড পজিটিভ হোৱা তেণ্ডুলকাৰক ছদিন পিছত মুম্বাইৰ এখন চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ আছিল যদিও সতর্কতামূলক ব্যৱস্থা হিচাপে চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল বুলি তেণ্ডুলকাৰে টুইটত উল্লেখ কৰিছিল৷ মন কৰিবলগীয়া যে প্রাক্তন ক্রিকেটাৰসকলৰ মাজত আয়োজিত ৰোড ছেফটী ৱর্ল্ড ছিৰিজ টি–২০ প্রতিযোগিতাত অংশ লোৱাৰ পিছতে শচীনকে ধৰি কেইবাগৰাকীও ক্রিকেটাৰ ক’ভিডত আক্রান্ত হৈছিল৷ তেওঁলোক হ’ল ইৰফান পাঠান, ইউছুফ পাঠান আৰু এছ বদ্রীনাথ৷

You might also like