নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রেয়াছৰ কান্ধৰ অস্ত্রোপচাৰ সম্পন্ন

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ ইংলেণ্ডৰ বিৰুদ্ধে খেলা সদ্যসমাপ্ত এদিনীয়া শৃংখলাৰ প্রথমখন মেচত কান্ধৰ আঘাতৰ সন্মুখীন হোৱা টীম ইণ্ডিয়াৰ উদীয়মান তাৰকা শ্রেয়াছ আয়াৰৰ কান্ধৰ অস্ত্রোপচাৰ আজি সফলতাৰে সম্পন্ন হয়৷ চিকিৎসালয়ৰ বিছনাত শুই থকা এখন ফটোৰ সৈতে অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন হোৱা বুলি ক্রিকেটাৰগৰাকীয়ে টুইটাৰত অনুৰাগীসকলক জানিবলৈ দিয়ে৷ সুস্থ হৈ সোনকালে খেলপথাৰলৈ উভতি আহিব বুলিও তেওঁ উল্লেখ কৰে৷ উল্লেখ্য যে প্রথম এদিনীয়াত ফিল্ডিং কৰি থকা সময়ত কান্ধত গুৰুতৰ আঘাতৰ সন্মুখীন হৈ শ্রেয়াছে শৃংখলাৰ পৰা বাহিৰ হৈছিল৷ আঘাতৰ বাবে তেওঁ আই পি এলৰ পৰাও আঁতৰি থাকিবলগীয়া হৈছে৷ তেওঁৰ অনুপস্থিতিত দিল্লী কেপিটেলছক এইবাৰ নেতৃত্ব দিব উদীয়মান উইকেটৰক্ষক–বেটছ ঋষভ পণ্টে৷ দিল্লী কেপিটেলছে অহা ১০ এপ্রিলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে প্রথমখন মেচ খেলিব৷

You might also like