নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্নাইত আজি মুম্বাই ইণ্ডিয়ানছৰ সন্মুখত আৰচিবি

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছে দেশত পুনৰ এবাৰ আতংক সৃষ্টি কৰাৰ সময়তে কাইলৈৰ পৰা আৰম্ভ হ’ব বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এল৷ চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচত ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে বিৰাট কোহলি নেতৃত্বাধীন ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ মুখামুখি হ’ব৷ বিশ্বৰ কেইবাগৰাকীও আগশাৰীৰ টি–২০ খেলুৱৈৰে দুয়োটা দল ভৰি থকাৰ প্রতি লক্ষ্য ৰাখি কাইলৈৰ মেচখন তীব্র উত্তেজনাপূর্ণ হোৱাটো একপ্রকাৰ নিশ্চিত৷ ৰোহিত শর্মা, কিৰণ পোলার্ড, কুইণ্টন ডি কক, সূর্যকুমাৰ যাদৱ, ঈশান কিশন, হার্দিক পাণ্ডিয়া, ক্রুণাল পাণ্ডিয়া, যশপ্রীত বুমৰাহ আৰু কেইবাগৰাকীও বিশ্বমানৰ খেলুৱৈৰে গঠিত মুম্বাই ইণ্ডিয়ানছে ক্রমাগত তিনিটা আৰু সামগ্রিকভাৱে ষষ্ঠটো খিতাপৰ ওপৰত দৃষ্টি ৰাখি খেলপথাৰত নামিব৷

একেদৰে বিৰাট কোহলি, এবি ডি ভিলিয়ার্ছ, গ্লেন মেক্সৱেল, কাঈল জেমিছন, ৱাশ্বিংটন সুন্দৰ, য়ুজবেন্দ্র চাহাল, মহম্মদ ছিৰাজৰ দৰে তাৰকাৰে সমৃদ্ধ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে আই পি এলৰ খিতাপত প্রথমবাৰলৈ চুম্বন দিয়াৰ লক্ষ্য লৈছে৷ প্রতিবাৰৰ দৰে এইবাৰো আৰ চি বিৰ প্রধান ভৰসা হ’ব বেটিং শক্তি৷ অধিনায়ক কোহলি আৰু দক্ষিণ আফ্রিকাৰ বিস্ফোৰক বেটছমেন এবি ডি ভিলিয়ার্ছৰ ওপৰত ভৰসা কৰি দলটোৱে বৃহৎ স্ক’ৰ থিয় কৰোৱাৰ চেষ্টা চলাব৷ উল্লেখ্য যে অধিনায়ক কোহলিক এইবাৰ আই পি এলত অ’পেনাৰৰ ৰূপত দেখিবলৈ পোৱা যাব৷ বিগত সংস্কৰণৰ আই পি এলত তেওঁ ১৫খন মেচত ৪৬৬ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছিল৷ ইফালে, ডি ভিলিয়ার্ছে যোৱা বছৰ ৪৫৪ ৰান সংগ্রহ কৰি দলৰ সাফল্যত মুখ্য ভূমিকা গ্রহণ কৰিছিল৷ ইউ এ ইত যোৱা বছৰ অনুষ্ঠিত আই পি এলত বাংগালুৰুৱে প্লে–ফত প্রৱেশ কৰিছিল যদিও এলিমিনেটৰত ছানৰাইজার্ছ হায়দৰাবাদৰ হাতত পৰাস্ত হৈছিল৷ ইফালে, ২০১৩ত ৰিকী পণ্টিঙৰ পৰা নেতৃত্বৰ দায়িত্ব গ্রহণ কৰি মুম্বাই ইণ্ডিয়ানছৰ ভাগ্য সলনি কৰা ৰোহিত শর্মাৰ ওপৰত দলটো পুনৰ এবাৰ নির্ভৰশীল হ’ব৷ তেওঁক সহযোগিতা আগবঢ়াবলৈ সাজু হৈ উঠিছে সূর্যকুমাৰ যাদৱ, ঈশান কিশন, হার্দিক পাণ্ডিয়া, ক্রুণাল পাণ্ডিয়া, কিৰণ পোলার্ড, যশপ্রীত বুমৰাহ, ট্রেণ্ট ব’ল্ট আদিৰ দৰে তাৰকাসকল৷ প্রতিবাৰৰ দৰে এইবাৰো যশপ্রীত বুমৰাহ আৰু বিৰাট কোহলিৰ যুঁজখন ক্রিকেটপ্রেমীৰ বাবে আকর্ষণীয় হ’ব৷ যোৱাবাৰৰ আই পি এলত ২৭টা উইকেট দখল কৰিবলৈ সক্ষম হোৱা বুমৰাহে কাইলৈ দীঘলীয়া বিশ্রামৰ অন্তত প্রতিযোগিতামূলক ক্রিকেটলৈ প্রত্যাৱর্তন ঘটাব৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷

You might also like