নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৬ৰ IPL-ৰ পিছত অৱসৰ ল’ব পাৰে কেইবাজনো তাৰকা খেলুৱৈয়ে

IPL-ৰ ১৯তম ছিজন আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। প্ৰথমখন খেলত RCB আৰু SRH মুখামুখি হ’ব।

কিন্তু এইবাৰ কিছুমান দিগগজ খেলুৱৈ ২০২৬ ছিজনৰ পিছত অৱসৰ লোৱাৰ সম্ভাৱনা দেখা গৈছে। সেইসকলৰ ভিতৰত ক্ৰমে মহেন্দ্ৰ সিং ধোনীয়ে ২০০৮ চনৰ পৰা IPL খেলি আছে। তেওঁৰ অধিনায়কত্বত ৫বাৰ আইপিএল জিকিছে চেন্নাইয়ে। এতিয়া চেন্নাইৰ অধিনায়কত্বৰ দায়িত্ব ৰুতুৰাজ গাইকোৱাডৰ হাতত অৰ্পণ কৰা হৈছে। সম্ভৱত এইবাৰ তেওঁ চেন্নাইৰ দলটোৰ পৰা অৱসৰ লব আৰু দলটোৰ মেণ্টৰৰ ভূমিকা লৈ IPLক বিদায় জনাব পাৰে।

ধোনীৰ পিছে পিছে এই তালিকাত নাম আছে ক্ৰমে আজিংক ৰাহানে, ঈশান্ত শৰ্মা, মিচেল ষ্টাৰ্ক, ডেভিদ মিলাৰ, সুনীল নাৰাইন, ট্ৰেণ্ট ব’ল্টৰ। কিয়নো এই আটাইকেইগৰাকী তাৰকাৰ বয়সো এক বাধা হোৱাৰ লগতে আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা আটাইকেইগৰাকীয়ে অৱসৰো লৈছে। কাৰণ ক্ৰিকেটৰ পথাৰত যুৱ তাৰকাৰ ভিৰত এতিয়া দলত স্থান পাবলৈ ফৰ্মৰ বহুত প্ৰয়োজন। আৰু এইসকল তাৰকাৰ বয়সৰ চেপাত ফৰ্মেও সংগ নিদিয়া হৈছে। গতিকে এইবাৰৰ আইপিএলৰ পিছত এইসকল তাৰকাক আৰু আইপিএলৰ মঞ্চত দেখা পোৱা নাযাব বুলি অনুমান কৰা হৈছে।

ডিজিটেল ডেস্ক, ১৭ মাৰ্চ

You might also like