নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ পৰা নাম প্রত্যাহাৰ কৰিব স্মিথেঃ মাইকেল ক্লার্ক

নিয়মীয়া বাৰ্তা, ২১ ফেব্রুৱাৰীঃ অষ্ট্রেলিয়া ক্রিকেট দলৰ তাৰকা বেটছমেন ষ্টিভেন স্মিথে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ চতুর্দশ সংস্কৰণৰ পৰা নাম প্রত্যাহাৰ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷

এই সংকেত দিছে অষ্ট্রেলিয়া ক্রিকেট দলটোৰ প্রাক্তন অধিনায়ক মাইকেল ক্লার্কে৷ আঘাতৰ অজুহাত দেখুৱাই লোভনীয় প্রতিযোগিতাখনৰ পৰা স্মিথে নাম প্রত্যাহাৰ কৰাৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰি মাইকেল ক্লার্কে কয় যে নিলামত স্মিথে অতি কম পৰিমাণৰ ধন লাভ কৰিছে৷

বেছ প্রাইজ ২ কোটিৰ স্মিথক ২.২০ কোটিত দিল্লী কেপিটেলছে ক্রয় কৰে৷ নিলামত স্মিথক ক্রয় কৰাৰ বাবে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৱে প্রথমে আগবাঢ়িছিল যদিও দিল্লীয়ে ২০ লাখ টকা অধিক দি দ্বিতীয়বাৰ স্মিথক ক্রয় কৰাৰ বাবে নিলামত নাম উত্থাপন কৰে৷ ইয়াৰ পিছত কোনো এটা ফ্রেনছাইজীয়ে স্মিথক ক্রয় কৰাৰ বাবে আগবাঢ়ি নাহিল৷

ফলত ২.২০ কোটিত দিল্লীয়ে স্মিথক ক্রয় কৰিবলৈ সক্ষম হয়৷ ক্লার্কে লগতে এইবুলিও কয় যে টি–২০ত স্মিথৰ প্রদর্শন আশাপ্রদ নহয়৷ বিগত আই পি এলতো তেওঁ উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ কিন্তু নিলামত তেওঁ যি ধনত বিক্রী হৈছে তাক লৈ মই আচৰিত হৈছোঁ৷ গতিকে মোৰ ধাৰণা স্মিথে আঘাতৰ অজুহাত দেখুৱাই আই পি এলখনৰ পৰা নাম প্রত্যাহাৰ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷

You might also like