নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়ান অ’পেনত জেনিফাৰক হৰুৱাই চেম্পিয়ন অ’ছাকা

নিয়মীয়া বাৰ্তা, ২১ ফেব্রুৱাৰীঃ জাপানৰ তাৰকা মহিলা খেলুৱৈ নাওমি অ’ছাকাই ক’ৰোনাৰ আতংকৰ মাজতেই মেলবর্নত অনুষ্ঠিত বছৰটোৰ প্রথমখন সন্মানীয় গ্রেণ্ডশ্লাম অষ্ট্রেলিয়ান অ’পেনৰ মহিলা শাখাৰ ছিংগলছৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছে৷

কালি অনুষ্ঠিত মহিলা শাখাৰ ছিংগলছৰ ফাইনেল মেচখনত তৃতীয় বাছনিপ্রাপ্ত অ’ছাকাই ২২তম বাছনিৰ আমেৰিকাৰ জেনিফাৰ ব্রেডীক পোনপটীয়া ছেটত পৰাস্ত কৰি খিতাপ হস্তগত কৰে৷ অ’ছাকাই মেচখনত আমেৰিকাৰ প্রতিদ্বন্দ্বীগৰাকীক ৬–৪, ৬–৩ ছেটত পৰাস্ত কৰে৷

উল্লেখ্য যে জাপানৰ তাৰকা টেনিছ খেলুৱৈগৰাকীৰ এয়া আছিল কেৰিয়াৰত দ্বিতীয়টো অষ্ট্রেলিয়ান অ’পেনৰ খিতাপ৷ ইয়াৰ পূর্বে অ’ছাকাই ২০১৯ চনত গ্রেণ্ডশ্লামখনৰ খিতাপ দখল কৰিছিল৷ ইপিনে, বর্ণিল কেৰিয়াৰত চতুর্থবাৰৰ বাবে গ্রেণ্ডশ্লামৰ খিতাপ জয় কৰিবলৈ সক্ষম হোৱা নাওমি অ’ছাকাই এতিয়ালৈকে ২১খন মেচত জয়ৰ ধাৰা অব্যাহত ৰাখিছে৷

আনহাতে অষ্ট্রেলিয়ান অ’পেনৰ দুটা বা ততোধিক খিতাপ দখল কৰা অ’ছাকা হ’ল অ’পেন এৰাৰ দ্বাদশগৰাকী মহিলা খেলুৱৈ৷ ইফালে প্রথমবাৰৰ বাবে গ্রেণ্ডশ্লামৰ ফাইনেলত প্রৱেশ কৰা আমেৰিকাৰ জেনিফাৰ ব্রেডীয়ে খিতাপ যুঁজৰ মেচখনত অ’ছাকাৰ বিৰুদ্ধে বিশেষ প্রতিদ্বন্দ্বিতা আগবঢ়াবলৈ সক্ষম নহ’ল৷

ইপিনে গ্রেণ্ডশ্লামখনৰ পুৰুষ শাখাৰ ছিংগলছৰ ফাইনেল মেচখন আজি অনুষ্ঠিত হ’ব৷ খিতাপ যুঁজৰ মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ডিফেণ্ডিং চেম্পিয়ন তথা শীর্ষ বাছনিপ্রাপ্ত ছার্বিয়াৰ ন’ভাক জক’ভিচ আৰু চতুর্থ বাছনিৰ ৰাছিয়াৰ ডানিল মেডভেডেভে৷

You might also like