নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহজ জয় ছানৰাইজার্ছৰ, তৃতীয় পৰাজয় দিল্লী কেপিটেলছৰ

অভিষেক শর্মাৰ বিস্ফোৰক অপৰাজিত শতকেৰে গুৰুত্বপূর্ণ জয় ছানৰাইজার্ছ হায়দৰাবাদৰ৷ চলিত আইপিএলৰ হায়দৰাবাদত অনুষ্ঠিত হাই স্ক’ৰিং মেচখনত ঘৰুৱা দল হায়দৰাবাদে দিল্লী কেপিটেলছক ৪৭ ৰানত পৰাস্ত কৰে৷

হায়দৰাবাদৰ এয়া আছিল ক্রমাগত তৃতীয় জয়৷ দলটোৱে এতিয়ালৈকে ৭খন মেচ খেলি ৪খনত জয়লাভ কৰি পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উন্নীত হৈছে৷ বিপৰীতে দিল্লী কেপিটেলছৰ এয়া আছিল তৃতীয় পৰাজয়৷

দিল্লীয়ে এতিয়ালৈকে ৬খন মেচ খেলি তিনিখনত জয়লাভ কৰি পঞ্চম স্থানত আছে৷ মেচখনত ছানৰাইজার্ছে জয়ৰ বাবে বান্ধি দিয়া ২৪৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি নীতিশ ৰাণাৰ ৫৭ আৰু লোকেশ ৰাহুলৰ ৩৭ ৰানৰ সহায়ত দিল্লীয়ে নির্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৯৫ ৰান কৰে৷ সমীৰ ৰিজভিয়ে ৪১ আৰু ট্রিষ্টান ষ্টাবছে ২৭ ৰানৰ অৱদান আগবঢ়ায়৷

অ’পেনাৰ পাথুম নিশাংকাই ৮ আৰু ডেভিদ মিলাৰে কোনো ৰান নকৰাকৈ বিদায় লয়৷ ছানৰাইজার্ছৰ হৈ ঈষান মালিংগাই ৪টা আৰু হর্ষ ডুবেই ৩টা উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অ’পেনাৰ অভিষেক শর্মাৰ বিস্ফোৰক অপৰাজিত শতকৰ সহায়ত ছানৰাইজার্ছ হায়দৰাবাদে নির্ধাৰিত ২০ অভাৰত ২টা উইকেট হেৰুৱাই ২৪২ ৰান কৰে৷

অভিষেকে ৬৮টা বলত ১০টা চাৰি আৰু ১০টা ছয়েৰে ১৩৫ ৰান কৰি অপৰাজিত হৈ থাকে৷ ৪৭টা বলত শতক অর্জন কৰা অভিষেকৰ আইপিএলত এয়া আছিল দ্বিতীয় শতক৷ অভিষেকৰ উপৰি ট্রেভিছ হেডে ৩৭, অধিনায়ক ঈষান কিশানে ২৫ আৰু হেনৰিচ ক্লাছেনে অপৰাজিতভাৱে ৩৭ ৰানৰ অৰিহণা আগবঢ়ায়৷

ক্লাছেনৰ ১৩টা বলৰ ইনিংছটোত আছিল ৩টা চাৰি আৰু সমসংখ্যক ছয়৷ অভিষেকে হেডৰ সৈতে প্রথম উইকেটত ৯৭ ৰান, ঈশানৰ সৈতে দ্বিতীয় উইকেটত ৭৯ আৰু ক্লাছেনৰ সৈতে তৃতীয় উইকেটত অপৰাজিতভাৱে ৬৬ ৰান কৰে৷

ডিজিটেল ডেস্ক, ২২ এপ্রিল

You might also like