সম্পাদকীয় : কৃত্রিম বুদ্ধিমত্তা আৰু অসমীয়া ভাষা
অসমীয়া ভাষা চিনাক্তকৰণ, যান্ত্রিক অনুবাদ, পাঠ ৰচনা আদি ক্ষেত্রবোৰত গৱেষণা ত্বৰান্বিত কৰিবলৈ ছাত্রবৃত্তি আৰু গৱেষণা অনুদানৰ ব্যৱস্থা কৰিব লাগে৷ এটা কথা ঠিক যে খুব কম দিনৰ ভিতৰতে ‘এ আই’–এ শিক্ষা আৰু চাকৰি জগতৰ ভাল অংশ অধিকাৰ কৰিব
বিশ্বৰ প্রযুক্তি জগতত এই সময়ত সবাতোকৈ বেছি আলোচনা হোৱা বিষয়টো হৈছে কৃত্রিম বুদ্ধিমত্তা৷ চাটজিপিটি, গুগল জেমিনি, কো–পাইলট আদিৰ দৰে আহিলাসমূহে মাত্র কেইটামান বছৰৰ ভিতৰতে মানুহৰ কাম–কাজ, শিক্ষা, স্বাস্থ্য সেৱা, সংবাদ মাধ্যম আৰু সৃজনশীল শিল্পকলাকো প্রভাৱিত কৰিবলৈ আৰম্ভ কৰিছে৷
কিন্তু এই প্রযুক্তিগত বিপ্লৱৰ ঢৌৱে আহি অসমীয়া ভাষাক কেনেদৰে স্পর্শ কৰিছে এই কথাটোৱে অসমৰ বৌদ্ধিক মহলকএতিয়াও ভালদৰে আলোড়িত কৰিব পৰা নাই৷ এই বিষয়টো অকল প্রযুক্তিৰে নহয়, ই ভাষাৰ অস্তিত্ব আৰু প্রাসংগিকতাৰো প্রশ্ন৷
কৃত্রিম বুদ্ধিমত্তাৰ আহিলাসমূহে কাম কৰিব পৰা ভাষাসমূহহে এই কৃত্রিম বুদ্ধিমত্তাৰ যুগত প্রাসংগিক হৈ থাকিব৷ এই প্রযুক্তিৰ পৰিধিৰ বাহিৰত ৰৈ যোৱা ভাষাবোৰ ক্রমশঃ সীমিত হৈ পৰি কেৱল ঘৰুৱা বা আনুষ্ঠানিক ব্যৱহাৰতহে সীমাবদ্ধ হৈ থাকিব৷
এই দুয়োটাৰ মাজৰ ঠিক কোনটো ঠাইত অসমীয়া ভাষাৰ অৱস্থান, সেই কথাটো বিচাৰ কৰা এতিয়া অপৰিহার্য হৈ পৰিছে৷ বর্তমানৰ ‘এ আই’ আহিলাসমূহ মূলতঃ ইংৰাজী, চীনা, স্পেনিছ, ফৰাচী আৰু আৰবীৰ দৰে বৃহৎ ভাষাসমূহত ভালদৰে দক্ষ৷
হিন্দী, বাংলা, তামিল আৰু তেলুগুৰ দৰে ভাৰতীয় ভাষাসমূহতো ‘এ আই’ আহিলাৰ ব্যৱহাৰ ক্রমে বৃদ্ধি পাইছে৷ কিন্তু অসমীয়া ভাষাৰ ক্ষেত্রত এই দিশটো সন্তোষজনক হয়৷ ‘এ আই’ আহিলাসমূহৰ প্রশিক্ষণৰ বাবে বিপুল পৰিমাণৰ ডিজিটেল তথ্যৰ প্রয়োজন হয়৷ বাতৰিকাকত, কিতাপ, ৱেবছাহট, গৱেষণা–পত্র আৰু সামাজিক মাধ্যমৰ লেখা এই দিশৰ উল্লেখযোগ্য সমল ভাণ্ডাৰ৷
অসমীয়া ভাষাত ডিজিটেল তথ্যৰ পৰিমাণ তুলনামূলকভাৱে অতি কম৷ উইকিপিডিয়াত অসমীয়া ভাষাৰ প্রবন্ধৰ সংখ্যা বাংলা বা হিন্দীৰ তুলনাত নগণ্য৷ অসমীয়া সাহিত্যৰ ডিজিটাহজেচনৰ অৱস্থাও বৰ দুর্বল৷ বহু গুৰুত্বপূর্ণ অসমীয়া গ্রন্থ এতিয়াও কেৱল ছপা ৰূপতহে উপলব্ধ৷
ফলত ‘এ আই’ আহিলাসমূহে অসমীয়া ভাষা শিকিবলৈ পর্যাপ্ত তথ্য নাপায়৷ কিন্তু এই কাম সমাধা কৰিবলৈ চৰকাৰ আৰু অগ্রণী শিক্ষানুষ্ঠানসমূহ আগবাঢ়ি আহিব লাগিব৷ শিক্ষাৰ ক্ষেত্রত কৃত্রিম বুদ্ধিমত্তাৰ সম্ভাৱনা অপৰিসীম৷ অসমীয়া মাধ্যমৰ ছাত্র–ছাত্রীসকলৰ বাবে ‘এ–আই’ চালিত শিক্ষণ আহিলা প্রস্তুত কৰিব পাৰিলে শিক্ষাৰ মান উন্নত হ’ব৷
গণিত, বিজ্ঞান বা সমাজ বিজ্ঞানৰ জটিল বিষয়সমূহ অসমীয়া ভাষাত সহজে বুজাই দিব পৰা ‘এ আই’ আহিলাই ছাত্র–ছাত্রীসকলৰ শিক্ষাৰ সুযোগ সম্প্রসাৰিত কৰিব পাৰে৷ সংবাদ মাধ্যম আৰু সৃজনশীল লেখাৰ ক্ষেত্রতো ‘এ আই’ এক সহায়ক আহিলা হ’ব পাৰে৷ সংবাদ অনুবাদ, তথ্য সংকলন আৰু প্রাথমিক প্রতিবেদন প্রস্তুত কৰাত ‘এ আই’ৰ ব্যৱহাৰে সংবাদকর্মীসকলৰ কাম সহজ কৰি তুলিব পাৰে৷
চৰকাৰী সেৱাসমূহত অসমীয়া ভাষাত ‘এ আই’ চালিত শ্বেটবট আৰু ভইচ এছিছটেণ্টৰ ব্যৱহাৰে সাধাৰণ নাগৰিকৰ বাবে চৰকাৰী সেৱা গ্রহণ সহজ কৰিব পাৰে৷ এই সুযোগবোৰৰ সমান্তৰালকৈ থকা সংকটসমূহকো উপেক্ষা কৰিব নোৱাৰি৷ প্রথম সংকটটো হৈছে ভাষাগত বিশুদ্ধতাৰ প্রশ্ন৷ ‘এ আই’ আহিলাসমূহে প্রশিক্ষণ তথ্যৰ ভিত্তিত ভাষা শিকে৷ যদি সেই মূল তথ্যত ভুল বা অশুদ্ধ অসমীয়া থাকে, তেন্তে ‘এ আই’য়েও সেই ভুলেই শিকিব আৰু প্রচাৰ কৰিব৷
ইতিমধ্যে সামাজিক মাধ্যমবোৰত অসমীয়া ভাষাৰ ব্যৱহাৰত বানান, ব্যাকৰণ আৰু শব্দ চয়নত উল্লেখযোগ্য অৱনতি দেখা গৈছে৷ এই অশুদ্ধ ভাষাৰ ওপৰতে ‘এ আই’–এ কাম কৰিবলগীয়া হ’লে ভাষাৰ মান আৰু অৱনতি হোৱাৰ আশংকা ৰৈ যায়৷
দ্বিতীয় সংকটটি হৈছে সাংস্কৃতিক পৰিচয়ৰ প্রশ্ন৷ ‘এ আই’ আহিলাসমূহ মূলতঃ পশ্চিমীয়া বা বৃহৎ ভাষাগত দৃষ্টিভংগীৰে নির্মিত৷ এই আহিলাসমূহে অসমীয়া সমাজৰ সূক্ষ্ম সাংস্কৃতিক ইংগিত, লোককথা, থলুৱা জ্ঞান আৰু ঐতিহ্যক সঠিকভাৱে প্রতিনিধিত্ব কৰিব পাৰিব নে নোৱাৰিব সেইটো এক গুৰুত্বপূর্ণ প্রশ্ন৷
এই পৰিস্থিতিত অসমীয়া ভাষাক প্রাসংগিক কৰি ৰাখিবলৈ চৰকাৰী পর্যায়ত কিছু সুনির্দিষ্ট পদক্ষেপ গ্রহণ কৰা অত্যাৱশ্যকীয়৷ অসম চৰকাৰে এক বৃহৎ অসমীয়া ডিজিটেল কর্পাছ নির্মাণৰ আঁচনি হাতত ল’ব লাগে৷ হয়াত অসমীয়া সাহিত্য, বাতৰিকাকতৰ আর্কাইভ, চৰকাৰী নথি–পত্র আৰু শিক্ষামূলক সামগ্রী অন্তর্ভুক্ত কৰিব লাগে৷
এই তথ্যভাণ্ডাৰক মুকলি উৎসত পাব পৰা ব্যৱস্থা কৰিলে গৱেষক আৰু প্রযুক্তিবিদসকলে অসমীয়া ‘এ আই’ আহিলা নির্মাণত ব্যৱহাৰ কৰিব পাৰিব৷ গুৱাহাটী, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্রুগড় বিশ্ববিদ্যালয়ৰ দৰে প্রতিষ্ঠানসমূহত অসমীয়া ভাষাৰ নেচাৰেল লেংগুৱেজ প্রচেছিং গৱেষণাৰ বাবে বিশেষ পুঁজি আবণ্টন কৰিব লাগে৷
অসমীয়া ভাষা চিনাক্তকৰণ, যান্ত্রিক অনুবাদ, পাঠ ৰচনা আদি ক্ষেত্রবোৰত গৱেষণা ত্বৰান্বিত কৰিবলৈ ছাত্রবৃত্তি আৰু গৱেষণা অনুদানৰ ব্যৱস্থা কৰিব লাগে৷ এটা কথা ঠিক যে খুব কম দিনৰ ভিতৰতে ‘এ আই’–এ শিক্ষা আৰু চাকৰি জগতৰ ভাল অংশ অধিকাৰ কৰিব৷
এই কথাটোলৈ লক্ষ্য ৰাখি বিদ্যালয়সমূহত ‘এ আই’ সাক্ষৰতাক পাঠ্যক্রমৰ অংশ কৰিব লাগে৷ ছাত্র–ছাত্রীসকলে অসমীয়া ভাষাত ‘এ আই’ আহিলাৰ ব্যৱহাৰ শিকিলে তেওঁলোক ভৱিষ্যতৰ প্রযুক্তিগত পৰিৱেশৰ বাবে সক্ষম হৈ উঠিব৷
লগতে এই প্রক্রিয়াত তেওঁলোক নিজে অসমীয়া ডিজিটেল তথ্যভাণ্ডাৰ সমৃদ্ধ কৰাৰ অংশীদাৰ হ’ব পাৰিব৷ অসমীয়া ভাষাত ‘এ আই’ আহিলা নির্মাণ কৰা স্থানীয় প্রযুক্তি প্রতিষ্ঠান আৰু উদ্যোগসমূহক কৰ ৰেহাই, অনুদান আৰু বজাৰ সুবিধা প্রদান কৰিব লাগে৷
ইয়াৰ ফলত অসমত এক স্থানীয় ‘এ আই’ পৰিস্থিতিতন্ত্র গঢ়ি উঠিব পাৰে৷ কৃত্রিম বুদ্ধিমত্তাৰ এই যুগত অসমীয়া ভাষাৰ ভৱিষ্যৎ নির্ভৰ কৰিব এহ মুহূর্তত লোৱা সিদ্ধান্তসমূহৰ ওপৰত৷ প্রযুক্তিৰ সোঁত ৰোধ কৰাটো সম্ভৱ নহয়, কিন্তু সেই সোঁতৰ লগত অসমীয়া ভাষাক কেনেকৈ আগবঢ়াই নিব পৰা যাব তাক নির্ধাৰণ কৰাটো সম্পূর্ণৰূপে সম্ভৱ৷
এই সময়ত ‘এ আই’ প্রসংগত চৰকাৰী পর্যায়ত সুনির্দিষ্ট নীতি গ্রহণ কৰাৰ কথাটো চৰকাৰে গুৰুত্বসহকাৰে বিবেচনা কৰিব বুলি আশা কৰা যায়৷