নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মনোনীত ভুবনেশ্বৰ কুমাৰ

আই চি চিৰ মাহটোৰ শ্রেষ্ঠ খেলুৱৈ

নিয়মীয়া বাৰ্তা ৯ এপ্ৰিলঃ আই চি চিয়ে নতুনকৈ প্রৱর্তন কৰা মাহটোৰ শ্রেষ্ঠ খেলুৱৈ বঁটাৰ বাবে মনোনীত হৈছে টীম ইণ্ডিয়াৰ মিডিয়াম পেচাৰ ভুবনেশ্বৰ কুমাৰ৷ ইংলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত এদিনীয়া শৃংখলাত দাঙি ধৰা সুন্দৰ প্রদর্শনৰ সুবাদত তেওঁ এই সন্মানীয় বঁটাৰ বাবে মনোনীত হৈছে৷ তিনিখন মেচৰ এদিনীয়া শৃংখলাটোত ভুবনেশ্বৰে গড়ে ৪.৬৫ ৰান ব্যয় কৰি ৬টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল৷ ৫খন মেচৰ টি–২০ শৃংখলাটোত তেওঁ গড়ে মাত্র ৬.৩৮ ৰানকৈ ব্যয় কৰি চাৰিটা উইকেট দখল কৰিছিল৷ ভুবনেশ্বৰৰ লগতে আই চি চিৰ মাহটোৰ শ্রেষ্ঠ খেলুৱৈৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰা আন দুগৰাকী খেলুৱৈ হ’ল আফগানিস্তানৰ লেগ স্পীনাৰ ৰশ্বিদ খান আৰু জিম্বাব’ৱেৰ বেটছমেন ছিন উইলিয়ামছন৷

You might also like