নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত অভিলাষী প্ৰকল্পঃ বিদেশত লাখ লাখ ডলাৰত বিকিব মানাহৰ ‘কাৰ্বন ক্ৰেডিট’

নিয়মীয়া বাৰ্তা, ১৬ অক্টোবৰঃ পৃথিৱী গ্রহৰ অস্তিত্বৰ প্রতি চৰম ভাবুকিৰ সৃষ্টিকাৰী গোলকীয় উষ্ণতাৰ মূল কাৰক গ্রীনহাউছ গেছৰ অন্যতম কার্বন–ডাই–ক্সাইডক লৈ এক অভিলাষী প্রকল্প ৰূপায়িত হ’ব মানাহ ৰাষ্ট্রীয় উদ্যানত৷ ইয়াৰ প্রাৰম্ভিক প্রস্তুতিৰ অংশস্বৰূপে ইতিমধ্যে দ্য এনার্জী ৰিছার্চ ইনষ্টিটিউট–নেচনেল টাইগাৰ কনজাৰভেচন অথৰিটী আৰু মানাহ টাইগাৰ কনজাৰভেচন ফাউণ্ডেচনৰ মাজত এখন বুজাবুজিৰ চুক্তি সম্পন্ন হৈছে৷

সমগ্র প্রকল্পটোৰ জৰিয়তে লক্ষ্য নির্ধাৰণ কৰা হৈছে মানাহ ৰাষ্ট্রীয় উদ্যানত ‘কার্বন ক্রেডিট’ আন্তর্জাতিক বজাৰত লাখ লাখ ডলাৰত বিক্রীৰ৷ ইয়াৰ লগে লগে মানাহ ৰাষ্ট্রীয় উদ্যানত সংৰক্ষণ–সংবর্ধন্ সমান্তৰালভাৱে ইয়াৰ বন্ধু গাঁওসমূহৰ বাসিন্দাসকলৰ উপার্জন বৃদ্ধি আৰু জীৱন ধাৰণৰ মান উন্নত হ’ব৷ আনুষ্ঠানিকভাৱে বুজাবুজিৰ চুক্তি সম্পন্ন হোৱাৰ পাছত কালিৰে পৰা এই সন্দর্ভত মানাহ ৰাষ্ট্রীয় উদ্যানৰ বাঁহবাৰী অতিথিশালাত তিনিদিনীয়াকৈ এক প্রশিক্ষণ শিবিৰৰো আয়োজন কৰা হৈছে৷

মানাহ ব্যাঘ্র সংৰক্ষণ প্রকল্পৰ ক্ষেত্র সঞ্চালক বৈভৱ চি মাথুৰে জানিবলৈ দিয়া মতে দেশৰ চাৰি ৰাজ্য ক্রমে কেৰালা, মহাৰাষ্ট্র, উত্তৰপ্রদেশ আৰু পশ্চিমবংগৰ পাছত এতিয়া অসমত এই অভিলাষী প্রকল্পটোৰ কাম চলিব৷ অসমৰ প্রধানতঃ মানাহ ৰাষ্ট্রীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্রীয় উদ্যানক ইয়াৰ অধীনত সামৰি লোৱা হৈছে৷ মানাহ ৰাষ্ট্রীয় উদ্যানত কাম–কাজ আগবাঢ়ি যোৱাৰ পাছত দ্য এনার্জী ৰিছার্চ ইনষ্টিটিউটৰ দল উপস্থিত হ’ব কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত৷

বিভিন্ন কাৰিকৰী দিশ নিহিত হৈ থকা প্রকল্পটোৰ বিষয়ে সদৰী কৰি মানাহ ব্যাঘ্র সংৰক্ষণ প্রকল্পৰ ক্ষেত্র সঞ্চালক মাথুৰে কয়– মানাহৰ বন আৰু বন্যপ্রাণীৰ ক্ষেত্রত এটা নতুন কাম আৰম্ভ হৈছে৷ দ্য এনার্জী ৰিছার্চ ইনষ্টিটিউট–নেচনেল টাইগাৰ কনজাৰভেচন অথৰিটী আৰু মানাহ টাইগাৰ কনজাৰভেচন ফাউণ্ডেচনৰ মাজত স্বাক্ষৰিত হৈছে এখন বুজাবুজিৰ চুক্তি৷ মানাহৰ জংঘল তথা গছ–গছনিয়ে কিমান পৰিমাণৰ কার্বন–ডাই–ক্সাইড শোষণ কৰে, তাৰ আমি এটা লেখ উলিয়াই প্রথমতে সেয়া আন্তর্জাতিক বজাৰত কার্বন ক্রেডিট হিচাপে বিক্রী কৰিবলৈ চেষ্টা কৰিম৷ এই গোটেই প্রক্রিয়া আৰু প্রকল্পটো দুই–তিনিটা পর্যায়ত হ’ব৷ প্রথমতে, মানাহৰ গছ–গছনিয়ে কিমান কার্বন–ডাই–ক্সাইড শোষণ কৰি আছে, তাৰ হিচাপ উলিয়াব লাগিব৷ ইয়াৰ পাছত স্বেচ্ছামূলক কার্বন প্লেটফর্মত তৃতীয় পক্ষৰ যোগেদি আমি কার্বন ক্রেডিটৰ লেনদেনৰ চেষ্টা চলাম৷ এই তৃতীয় পক্ষটোৱে আমাৰ হৈ কার্বন ক্রেডিট বিক্রী কৰিব৷’ এই সমগ্র প্রক্রিয়াটোৰ কাৰিকৰী সহযোগিতা দ্য এনার্জী ৰিছার্চ ইনষ্টিটিউটে আগবঢ়াব বুলি তেওঁ জানিবলৈ দিয়ে৷

শীর্ষ বন বিষয়াজনে প্রকাশ কৰা মতে, ইতিমধ্যে মানাহ ৰাষ্ট্রীয় উদ্যানত দ্য এনার্জী ৰিছার্চ ইনষ্টিটিউটৰ দিল্লীস্থিত কার্যালয়ৰ লগতে গুৱাহাটীত থকা আঞ্চলিক কার্যালয়ৰ পৰাও দুটা দল উপস্থিত হৈছে৷ তেওঁ পুনৰ কয় – যদি আমি এইক্ষেত্রত সফলতা লাভ কৰোঁ, তেন্তে ভৱিষ্যতে বুজাবুজিৰ চুক্তি স্বাক্ষৰকাৰী মানাহ টাইগাৰ কনজাৰভেচন ফাউণ্ডেচন আৰু অধিক শক্তিশালী হৈ পৰিব৷ কার্বন ক্রেডিট বিক্রীৰ বিনিময়ত যিবোৰ ধন আহিব, সেইবোৰৰ দ্বাৰা বন্ধু গাঁওসমূহৰ প্রয়োজনীয়তা আমি পূৰণ কৰিব পাৰিম৷ ইয়াৰ সমান্তৰালভাৱে দীর্ঘকালীন আঁচনিৰ জৰিয়তে মানাহক ৰক্ষা কৰিব পৰা যাব৷ দ্য এনার্জী ৰিছার্চ ইনষ্টিটিউটৰ গুৱাহাটীস্থিত আঞ্চলিক কার্যালয়ৰ শীর্ষ বিষয়া দীপাংকৰ চহৰীয়াই অভিলাষী প্রকল্পটোৰ পটভূমিৰ ওপৰত ব্যাখ্যা দাঙি ধৰে৷ তেওঁ কয়– সম্প্রতি বতৰৰ পৰিৱর্তন হৈ আছে৷

বায়ুমণ্ডলত কার্বন–ডাই–ক্সাইডৰ পৰিমাণ বাঢ়ি গৈ থকাৰ বাবে হৈছে বতৰৰ এনে পৰিৱর্তন৷ আমাৰ যিবোৰ ৰাষ্ট্রীয় উদ্যান আৰু বন্যপ্রাণী অভয়াৰণ্য আছে, তাত থকা গছ–গছনিবোৰে বায়ুমণ্ডলত অক্সিজেন এৰি দি কার্বন–ডাই–ক্সাইড গ্রহণ কৰে৷ এই প্রক্রিয়াটোক লৈয়েই পেৰিছ চুক্তিৰ পাছত এখন কার্বন বজাৰ গঢ়ি উঠিছে৷ যিটোক বিভিন্ন ঠাইত কার্বন ফাইনেঞ্চ আৰু কার্বন ক্রেডিট বুলি কোৱা হয়৷ আমি মানাহত ভূপৃষ্ঠৰ তলত আৰু ভূপৃষ্ঠৰ উপৰিভাগত কার্বন–ডাই–ক্সাইডৰ্ মূল্যায়ন কৰিম৷ মূল্যায়নৰ অন্তত যিমান পৰিমাণৰ কার্বন মানাহত পাম, সেই হিচাপত আমেৰিকা, ইউৰোপৰ দৰে আন্তর্জাতিক বজাৰত থকা ডাঙৰ ডাঙৰ কোম্পানীবোৰে বায়ুমণ্ডলত কি হাৰত কার্বন–ডাই–ক্সাইড এৰি দি থকাৰ এক তুলনা হ’ব৷

সেই তুলনা মতেই ক্ষতিপূৰণ হিচাপে তেওঁলোকে আমাৰ পৰা এই কার্বন ক্রেডিট কিনি ল’ব৷ ক্রয় কৰা প্রতি টন কার্বন ক্রেডিটৰ কাৰণে তেওঁলোকে ডলাৰৰ হিচাপত ধন আদায় দিব লাগিব আমাক৷ ক্ষতিপূৰণ হিচাপে পোৱা ধনৰ দ্বাৰা মানাহ টাইগাৰ কনজাৰভেচন ফাউণ্ডেচন উপকৃত হোৱাৰ সমান্তৰালভাৱে বন্ধু গাঁৱৰ বাসিন্দাসকলো লাভান্বিত হ’ব বুলি তেওঁ দোহাৰে৷ তদুপৰি মানাহ ৰাষ্ট্রীয় উদ্যানত ইয়াৰ ফলত বন সংৰক্ষণ বৃদ্ধি পোৱাৰ লগতে বন ধ্বংস হ্রাস পোৱাৰ কথাও তেওঁ উল্লেখ কৰে৷ দ্য এনার্জী ৰিছার্চ ইনষ্টিটিউটৰ বিষয়াজনে প্রকাশ কৰা অনুসৰি ২০২০ চনক ভিত্তি হিচাপে লৈ কৰিবলগীয়া মূল্যায়ন ২০২৩ চনত শেষ হ’ব৷ ইয়াৰ পাছৰ প্রক্রিয়াটো হ’ল পর্যবেক্ষণ৷

পর্যবেক্ষণকাৰী দলে মূল্যায়ন সঠিক আছেনে তাৰ ওপৰত ভিত্তি কৰি প্রমাণ–পত্র প্রদান কৰিলেই আন্তর্জাতিক বজাৰৰ পৰা কার্বন ক্রেডিটৰ বিপৰীতে ধন আহিবলৈ ধৰিব মানাহ টাইগাৰ কনজাৰভেচন ফাউণ্ডেচনলৈ৷ এই প্রসংগত তেওঁ পুনৰ কয়– সম্প্রতি আমি ১২ লাখ ডলাৰ পোৱাৰ ধাৰণা কৰিছোঁ৷ এই পৰিমাণ বাঢ়িবও পাৰিব পাৰে৷ এই হিচাপত কার্বন ক্রেডিট বিক্রীৰ বাবদ মানাহ টাইগাৰ কনজাৰভেচন ফাউণ্ডেচনে বছৰি লাভ কৰিব ১০ কোটি টকাকৈ৷

You might also like