নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টকিঅ’ অলিম্পিকঃ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব ভি আই পি দর্শক

নিয়মীয়া বাৰ্তা ৭ জুলাইঃ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকৰ আটকধুনীয়া উদ্বোধনী অনুষ্ঠান উপভোগৰ পৰা বঞ্চিত হ’ব জাপানৰ সাধাৰণ দর্শক৷ মহামাৰী ক’ভিড–১৯ৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্রীয় অলিম্পিক সমিতি আৰু স্থানীয় উদ্যোক্তা কমিটীয়ে অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত কেৱল ভি আই পি দর্শকৰ উপস্থিতিতহে অনুমতি দিয়াৰ পৰিকল্পনা কৰিছে৷

জাপানৰ স্থানীয় সংবাদ পত্রত প্রকাশিত বাতৰি অনুসৰি উদ্বোধনী অনুষ্ঠানত যাতে বৃহৎ জনসমাগমৰ সৃষ্টি নহয়, তাৰ প্রতি লক্ষ্য ৰাখি উদ্যোক্তা কমিটীয়ে একাংশ ভি আই পি দর্শককহে ষ্টেডিয়ামত প্রৱেশৰ অনুমতি দিব৷ এই ভি আই পি দর্শকৰ মাজত থাকিব বিভিন্ন দেশৰ ৰাষ্ট্রদূত আৰু স্প’নছৰৰ আমন্ত্রিত অতিথি৷

উল্লেখ্য যে মহামাৰীৰ বাবে এবছৰ পিছুওৱা টকিঅ’ অলিম্পিক অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ’ব৷ মেগা ইভেণ্টখনত বিদেশী দর্শকৰ প্রৱেশ ইতিমধ্যে নিষিদ্ধ কৰা হৈছে৷ অলিম্পিকে জাপানত মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ ভয়াৱহ ৰূপত বৃদ্ধি কৰিব বুলি একাংশ চিকিৎসা বিশেষজ্ঞই দাবী কৰাত উদ্যোক্তা মণ্ডলী আৰু আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটী অধিক সতর্ক হৈ পৰিছে৷ দেশখনৰ বহুসংখ্যক নাগৰিকেও অলিম্পিক বাতিলৰ দাবীত এতিয়াও প্রতিবাদ অব্যাহত ৰাখিছে৷

You might also like