নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিএফআইৰ কার্যালয়সহ দেশৰ ২৬ স্থানত ইডিৰ তালাচী

বিতর্কিত সংগঠনৰ বিৰুদ্ধে আর্থিক দুর্নীতি

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ বহু বিতর্কিত সংগঠন পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ বিৰুদ্ধে আর্থিক দুর্নীতিৰ গোচৰৰ তদন্তত কঠোৰ হৈছে এনফ’চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডি৷ ২০১৮ চনৰে পৰা আর্থিক দুর্নীতি প্রতিৰোধ আইন (পিএমএলএ)ৰ অধীনত তদন্ত অব্যাহত ৰখা ইডিয়ে আজি পিএফআইৰ অধ্যক্ষ অ’ এম আব্দুল চালাম আৰু ৰাষ্ট্রীয় সম্পাদক নাছাৰুদ্দিন এলামাৰমৰ কার্যালয়সহ দেশৰ কমেও ২৬ স্থানত তালাচী চলায়৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইডিয়ে পিএফআইৰ বিৰুদ্ধে থকা আর্থিক দুর্নীতিৰ গোচৰত আজি আকস্মিকভাৱে তালাচী চলোৱা ঠাইসমূহৰ ভিতৰত কেৰালাৰ ক’চি মালাপ্পুৰম আৰু থিৰুৱনন্তপুৰমসহ্ ৬ স্থান, তামিলনাডুৰ টেনকাচি, মাদুৰাই আৰু চেন্নাইসহ ৫ স্থান, পশ্চিমবংগৰ কলকাতা, মুর্ছিদাবাদ, কর্ণাটক, বাংগালুৰু, দিল্লীৰ শ্বাহিনবাগ, উত্তৰ প্রদেশৰ লক্ষ্ণৌ, বাৰাবাংকী, বিহাৰৰ দৰভাংগা, পূর্ণেয়া, মহাৰাষ্ট্রৰ ঔৰংগাবাদ আৰু ৰাজস্থানৰ জয়পুৰ অন্যতম৷ উল্লেখ্য যে ২০১৮ চনৰ পৰাই পিএফআইৰ আর্থিক দুর্নীতি সন্দর্ভত ইডিয়ে পিএমএলএৰ অধীনত অনুসন্ধান অব্যাহত ৰাখিছে৷ আর্থিক দুর্নীতিৰ সমান্তৰালভাৱে বহু বিতর্কিত সংগঠনটোৰ বিৰুদ্ধে আছে অবৈধভাৱে পুঁজি আহৰণৰো অভিযোগ৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– পিএফআইৰ মানৱ অধিকাৰৰ সপক্ষে কাম কৰি অহা বুলি দাবী কৰি আহিলেও এই সংগঠনটোৰ বিৰুদ্ধে আছে বিভিন্ন ধৰণৰ মুছলিম মৌলবাদী সংগঠনৰে জড়িত থকাৰ অভিযোগ৷ তদুপৰি সংগঠনটোৱে সমাজবিৰোধী আৰু ৰাষ্ট্রবিৰোধী কাম–কাজতো লিপ্ত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বিগত সময়ছোৱাত এই সংগঠনটোক নিষিদ্ধ ঘোষণা কৰা বিষয়টো একাধিকবাৰ চর্চালৈ আহিছে৷ শেহতীয়াকৈ উত্তৰ প্রদেশ চৰকাৰে পিএফআইক নিষিদ্ধ ঘোষণা কৰিবলৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ক প্রস্তাৱ আগবঢ়োৱাৰ কথা ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ পাইছিল৷ ইয়াৰ মাজতে সংগঠনটোৰ বিৰুদ্ধে ৰুজু হোৱা আর্থিক দুর্নীতিৰ গোচৰৰ তদন্ত ইডিয়ে ক্ষিপ্রতাৰে আগবঢ়াই নিছে৷ সংগঠনটোৰ বিৰুদ্ধে থকা পূর্বৰ এটা গোচৰৰ উপৰি ‘কা’ আন্দোলনৰ সময়ত আর্থিক দুর্নীতি আৰু অবৈধ পুঁজিৰে বিত্তীয় পৃষ্ঠপোষকতা আগবঢ়াই সাম্প্রদায়িক সংঘর্ষ সৃষ্টি কৰাৰ অভিযোগত দিল্লী আৰক্ষীৰ ক্রাইম ব্রাঞ্চে দাখিল কৰা কেইবাখনো এজাহাৰকো তদন্তৰ আওতাত সামৰি লৈছে ইডিয়ে৷ কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থাটোৱে ইতিমধ্যে উত্তৰ প্রদেশত গঢ়ি উঠা ‘কা’ আন্দোলনেৰে পিএফআইৰ সংযোগ থকা বিষয়টোক লৈ গৃহ মন্ত্রালয়ক এখন প্রতিবেদন দাখিল কৰিছে৷ ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি এই প্রতিবেদনত সন্নিৱিষ্ট হৈছে কেতবোৰ চাঞ্চল্যকৰ তথ্য৷ প্রতিবেদনত ইডিয়ে হিংসাত্মক ‘কা’ আন্দোলনত পিএফআয়ে বিত্তীয় পৃষ্ঠপোষকতা আগবঢ়োৱাৰ দাবী কৰিছে৷

ইডিৰ প্রতিবেদনৰ উদ্ধৃতিৰে ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি বিগত বর্ষৰ ৪ ডিচেম্বৰৰ পৰাই ৬ জানুৱাৰীৰ ভিতৰত দেশৰ বিভিন্ন স্থানৰ ৭৩টা বেংক একাউণ্টত জমা হৈছিল মুঠ ১২০.৫ কোটি টকা৷ ইয়াৰে ২৭টা বেংক একাউণ্ট পিএফআইৰ নিজৰ হোৱাৰ বিপৰীতে ৯টা বেংক একাউণ্ট আছিল বহু বিতর্কিত সংগঠনটোৰে সম্পর্ক থকা ৰেহাব ইণ্ডিয়া ফাউণ্ডেচনৰ৷ তদুপৰি আন ৩৭টা বেংক একাউণ্ট হ’ল নির্দিষ্ট কোনো ব্যক্তিবিশেষ বা সংস্থাৰ নামত থকা৷ আশ্চর্যজনকভাৱে জমাকৃত ধনৰাশিৰ সিংহভাগ অতি কম দিনৰ ব্যৱধানতে একাউণ্টৰ পৰা উলিয়াই নিয়া হৈছিল৷ এই ধন ‘কা’ আন্দোলনৰ হিংসাত্মক কার্যকলাপত ব্যৱহাৰ হোৱা বুলি দাবী কৰিছে অনুসন্ধানকাৰী সংস্থাটোৱে৷ অসমতো গঢ়ি উঠা ‘কা’বিৰোধী আন্দোলনৰ মাজতে সংঘটিত হিংসাত্মক কার্যকলাপত পিএফআই জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল৷ আনকি এই অভিযোগ সন্দর্ভতে বিগত বর্ষৰ ডিচেম্বৰ মাহত পিএফআইৰ অসম ৰাজ্যিক কমিটীৰ সভাপতি আমিনুল হকক গ্রেপ্তাৰ কৰাৰ লগতে বিভিন্ন ধৰণৰ আপত্তিজনক সামগ্রীও জব্দ কৰিছিল আৰক্ষীয়ে৷ এনে প্রেক্ষাপটত পিএফআইৰ বিৰুদ্ধে একেদিনাই দেশৰ ২৬ স্থানত ইডিয়ে তালাচী চলোৱাটো যথেষ্ট গুৰুত্বপূর্ণৰূপে বিবেচিত হৈছে৷ ইফালে বহু বিতর্কিত সংগঠনটোৱে ইডিৰ এই তালাচী অভিযান উদ্দেশ্যমূলক চমক আখ্যা দিছে৷ কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত পিএফআইৰ তৰফৰ পৰা কোৱা হয় যে সমগ্র দেশতে একে সময়তে পিএফআইৰ কার্যালয় আৰু ৰাষ্ট্রীয় পর্যায়ৰ নেতাসকলৰ বাসগৃহত ইডিৰ দ্বাৰা তালাচী চলোৱা হৈছে৷ এই তালাচীত সংস্থাটোৱে ৰাজনৈতিকভাৱে অনুপ্রাণিত হৈ লোৱা এটা অনৈতিক পদক্ষেপ বুলি আমি ভাবোঁ৷ যেতিয়াই ক্ষমতাত থকা চৰকাৰে জনগণৰ ক্ষোভত পৰে, তেতিয়াই ৰাষ্ট্রীয় মনোযোগ আঁতৰাই নিবলৈ এনেধৰণৰ অভিযান আমাৰ দেশত ঘটে৷ পিএফআয়ে ইয়াক নস্যাৎ কৰিব বিচাৰিলেও সমগ্র বিষয়টো স্পষ্ট হ’ব ইডিৰ পুংখানুপুংখ অনুসন্ধানৰ অন্ততহে৷

You might also like