নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অ’ভেলত ভাৰতীয় বেটাৰৰ যুঁজ অব্যাহত

বিশেষ বাৰ্তা, ৮ জুনঃ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত বিপর্যয়ৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া ৷ প্রথম ইনিংছত বিপক্ষ অষ্ট্রেলিয়াই বৃহৎ ৰানেৰে ভাৰতীয় দলটোক প্রত্যাহ্বান জনায় ৷ কিন্তু সেই প্রত্যাহ্বান গ্রহণ কৰাত ব্যর্থ হয় ৰোহিত বাহিনী ৷ প্রথম ইনিংছ আৰম্ভ কৰি ভাৰতে দ্বিতীয় দিনা ৩০ অভাৰত চাৰিটা উইকেট হেৰুৱাই ১১৬ ৰান সংগ্রহ কৰে ৷ দলটোৰ শীর্ষ ক্রমৰ কোনো এগৰাকী বেটাৰে সফলতা অর্জন কৰিব নোৱাৰিলে ৷ ১০০ ৰান সংগ্রহৰ পূর্বেই ভাৰতৰ চাৰিগৰাকী শীর্ষ বেটাৰে বিদায় লোৱাত বিপদত পৰিছে দলটো ৷ ইয়াৰ পূর্বে আজি অষ্ট্রেলিয়াই প্রথম ইনিংছত সংগ্রহ কৰে ৪৬৯ ৰান ৷ কালি প্রথম দিনাৰ অন্তত অষ্ট্রেলিয়াই তিনি উইকেটত ৩২৭ ৰান সংগ্রহ কৰি চালকৰ আসনত উপৱিষ্ট হৈছিল ৷ আজি দ্বিতীয় দিনা দলটোৱে ৭ উইকেটৰ বিনিময়ত মাত্র ১৪২ ৰান যোগ দিবলৈ সমর্থ হয় ৷ মহম্মদ ছিৰাজৰ দুর্দান্ত বলিঙৰ বাবে ভাৰতীয় দলটোৱে মেচখনলৈ প্রত্যাৱর্তন ঘটাইছিল ৷ ছিৰাজে অষ্ট্রেলিয়াৰ চাৰিটা উইকেটৰ পতন ঘটায় ৷ আজি ট্রেভিছ হেডক আউট কৰি অষ্ট্রেলিয়ান শিবিৰত প্রথমটো আঘাত হানে ছিৰাজে ৷ বাঁওহতীয়া বেটাৰগৰাকীৰ বেটৰ পৰা আহে ১৬৩ ৰানৰ এটা অনবদ্য ইনিংছ ৷ আনহাতে, ষ্টিভ স্মিথে ১২১ ৰান কৰি বিদায় লয় ৷ এই যুটিটো ভাঙি যোৱাৰ পিছতে অন্য বেটাৰসকলক আউট কৰোঁতে বিশেষ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহ’ল ভাৰতীয় বলাৰসকল ৷ কেৱল অষ্ট্রেলিয়াৰ উইকেটকীপাৰ এলেক্স কেৰিয়ে ৪৮ ৰান কৰি কিছু প্রত্যাহ্বান সৃষ্টি কৰে ৷ মধ্যাহ্ণ ভোজনৰ পিছত ৪৬৯ ৰানত ইনিংছ সামৰে অষ্ট্রেলিয়াই ৷ প্রথম দিনাৰ তুলনাত আজি ভাৰতীয় দলটোৱে যথেষ্ট ভাল প্রদর্শন দাঙি ধৰে ৷ আশা কৰা হৈছিল এই বৃহৎ ৰানৰ বিৰুদ্ধে ভাৰতৰ প্রাৰম্ভিক যুটিটোৱে সুন্দৰ আৰম্ভণি ঘটাব ৷ কিন্তু পেট কামিনছৰ বলত ১৫ ৰানতে এলবিডব্লিউ হয় ভাৰতীয় অধিনায়ক ৰোহিত শর্মা ৷ পিছৰ অভাৰতে আউট হয় গিল (১৩) ৷ হেজলউডৰ পৰিৱর্তে খেলা স্কট ব’লেণ্ডৰ এটা বল এৰি দিবলৈ গৈ ব’ল্ড হয় শুভমন ৷ বলটো নেখেলাৰ সিদ্ধান্তই গিললৈ বিপদ মাতি আনিলে ৷ এই যুটিটো আউট হোৱাৰ পিছত টেষ্ট বিশেষজ্ঞ ছেটেশ্বৰ পূজাৰা আৰু বিৰাট কোহলিয়ে দলৰ ভেটি শক্তিশালী কৰিব বুলি আশা কৰা হৈছিল যদিও সেয়া সম্ভৱ নহ’ল ৷ দীর্ঘদিন কাউণ্টী ক্রিকেট খেলি থকা পূজাৰা ১৪ ৰানত আউট হয় ৷ আনহাতে, প্রাক্তন অধিনায়ক কোহলিৰ বেটৰ পৰা আহে ১৪ ৰান৷

You might also like