নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰা শিক্ষাখণ্ডৰ ডেকাৰগাঁও মণ্ডল সমল কেন্দ্ৰত জনভাগীদাৰী কাৰ্যসূচী সম্পন্ন

নিয়মীয়া বাৰ্তা, ৮ জুনঃ শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডেকাৰগাঁও মণ্ডল সমলৰ বিভিন্ন বিদ্যালয়ত জনভাগীদাৰীৰ বিভিন্ন প্ৰকাৰৰ কাৰ্যসূচী পালন কৰি থকা হৈছে। জিলা আঁচনি বিষয়া ৰমেন মেধিৰ তত্ত্বাৱধানত বালিপৰাৰ খণ্ড শিক্ষা বিষয়া মনীষ ঠাকুৰৰ নেতৃত্বত ডেকাৰগাঁও মণ্ডলৰ অন্তৰ্গত পতিয়া চুবুৰি প্ৰাথমিক বিদ্যালয়ত জনভাগীদাৰী কাৰ্যক্ৰমৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত স্পষ্টকৈ আৰু ডাঙৰকৈ পঢ়াৰ কাৰ্যসূচী আজি অনুষ্ঠিত হয়। লগতে মাতৃগোটৰ সহযোগিতাত অনুষ্ঠিত এখন সভাত ছাত্ৰ-ছাত্ৰীসকলৰ বুনিয়াদী শিক্ষাৰ গুৰুত্ব আৰু শিশুৰ প্ৰতি ঘৰত পালন কৰিবলগীয়া কৰ্তব্যৰ ওপৰতো আলোচনা-চক্ৰ সম্পন্ন হয়। আনহাতে, ডেকাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জনভাগীদাৰী কাৰ্যসূচীৰ লগত সংগতি ৰাখি তথা বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ছাত্ৰ-ছাত্ৰীসকলে এখনি সুন্দৰ বাটৰ নাট অনুষ্ঠিত কৰে। তেওঁলোকে ওজাপালিৰ জৰিয়তে প্লাষ্টিক বৰ্জনৰ এক সুন্দৰ বাৰ্তা সমাজলৈ প্ৰেৰণ কৰে। বৰুৱা চুবুৰি প্ৰাথমিক বিদ্যালয়তো মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক বিজিত শইকীয়াৰ সহায়ত উচ্চ স্বৰত পঢ়া আৰু গণিতৰ যাদুৰ ওপৰত এক কাৰ্যসূচী সুচাৰুৰূপে পালন কৰা হয়।

প্ৰেৰক প্ৰাঞ্জল পি বৰা

You might also like