২৫ জানুৱাৰীত গুৱাহাটীত তৃতীয় টি-২০ত মুখামুখি হ’ব ভাৰত-নিউজিলেণ্ড
নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অহা বছৰৰ ২৫ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ’বলগীয়া তৃতীয় টি-২০ আন্তৰ্জাতিক খেলখনৰ টিকট বিক্ৰী অহা ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব। সেইদিনা বিয়লি ৪ বজাৰ পৰা BookMyShowৰ জৰিয়তে টিকট উপলব্ধ হ’ব।
সৰ্বাধিক ক্ৰিকেটপ্ৰেমীয়ে খেলখন উপভোগ কৰিব পৰাকৈ টিকটৰ মূল্য সুলভ কৰি ৰখা হৈছে। ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০০ টকা আৰু অন্যান্য ষ্টেণ্ডৰ বাবে ন্যূনতম ১০০০ টকাৰ পৰা টিকট উপলব্ধ হ’ব ।
গুৱাহাটীয়ে পুনৰবাৰ বিশ্ব ক্ৰিকেট মানচিত্ৰত নিজকে উপস্থাপন কৰিবলৈ সুযোগ লাভ কৰিছে আৰু সেয়েহে অসম ক্ৰিকেট সন্থাই ক্ৰিকেটপ্ৰেমীসকলক এই বহু প্ৰত্যাশিত আন্তঃৰাষ্ট্ৰীয় মেচখন উপভোগ কৰিবলৈ আহ্বান জনাইছে ।
অসম ক্ৰিকেট সন্থাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্ৰকাশ ।