মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীত মহানগৰ আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয় ভৱন আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ সৈতে একেলগে মহানগৰ এলেকাত স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থাও উদ্বোধন কৰে গৃহমন্ত্ৰীগৰাকীয়ে।
এই স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থাৰ অধীনত গুৱাহাটীৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত মুঠ ২,০০০টা চিচিটিভি কেমেৰা সংস্থাপন কৰা হৈছে। এই ব্যৱস্থাই মহানগৰখনত অপৰাধ নিয়ন্ত্ৰণ, যান-বাহন পৰিচালনা আৰু জনসুৰক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
উল্লেখযোগ্য যে মহানগৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন আৰু নগৰ নিৰীক্ষণ ব্যৱস্থা—দুয়োটা প্ৰকল্প প্ৰায় ২৯২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছে। আধুনিক প্ৰযুক্তিৰে সজ্জিত এই কাৰ্যালয় ভৱনে আৰক্ষীৰ কাম-কাজ অধিক কার্যক্ষম আৰু জনমুখী কৰি তুলিব বুলি মন্তব্য কৰে গৃহমন্ত্ৰীগৰাকীয়ে।
অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যৰ আৰক্ষী বাহিনীৰ আধুনিকীকৰণৰ দিশত এই প্ৰকল্পসমূহ গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি উল্লেখ কৰে। ইয়াৰ উপৰি গৃহমন্ত্ৰীগৰাকীয়ে ৩৯খন মোবাইল ফৰেনচিক ভানৰো ফ্লেগ অফ কৰে। এই ভানসমূহে ঘটনাস্থলীতেই প্ৰমাণ সংগ্ৰহ আৰু প্ৰাথমিক তদন্তৰ সুবিধা প্ৰদান কৰিব, যাৰ ফলত তদন্ত প্ৰক্ৰিয়া অধিক দ্ৰুত আৰু কাৰ্যকৰী হ’ব।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, শীৰ্ষ আৰক্ষী বিষয়া আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।
ডিজিটেল ডেস্ক, ২৯ ডিচেম্বৰ