নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমিনগাঁৱত এচিএৰ আটকধুনীয়া ক্রিকেট গ্রাউণ্ড মুকলি মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ১৭ নৱেম্বৰঃ অসম ক্রিকেট সন্থাই উত্তৰ গুৱাহাটীৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বার্মা ক্ষেত্রত নতুনকৈ নির্মাণ কৰি উলিওৱা আটকধুনীয়া ক্রিকেট গ্রাউণ্ডখন মঙলবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷ মুখ্যমন্ত্রীয়ে খেলপথাৰখনৰ সৈতে সংলগ্ণ এটা পেভিলিয়নো মুকলি কৰে৷ অনুষ্ঠানত ভাষণ আগবঢ়াই মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ পৰা আন্তঃৰাষ্ট্রীয় মানৰ সুদক্ষ ক্রিকেটাৰ গঢ় দিয়াৰ স্বার্থত এখন অত্যাধুনিক ক্রিকেট একাডেমী স্থাপন কৰিবলৈ অসম ক্রিকেট সন্থাক আহ্বান জনায়৷

ৰাজ্যৰ ক্রীড়া আন্তঃগাঁথনি উন্নত কৰিবলৈ অসম চৰকাৰে শেহতীয়াকৈ গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে আলোকপাত কৰি মুখ্যমন্ত্রীয়ে কয় যে চন্দ্রপুৰত এক বিশ্বমানৰ ক্রীড়া প্রকল্প নির্মাণৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ১৫০ কোটি টকাৰ প্রস্তাৱ যুগুত কৰিছে৷ ৰাজ্যৰ ভিন্ন স্থানত ৫২খন ষ্টেডিয়াম নির্মাণৰ কাম বিভিন্ন পর্যায়ত আছে বুলিও তেওঁ জানিবলৈ দিয়ে৷ ক্রিকেটৰ প্রসাৰ আৰু আন্তঃগাঁথনি উন্নত কৰাৰ ক্ষেত্রত অসম ক্রিকেট সন্থাই গ্রহণ কৰা পদক্ষেপক মুখ্যমন্ত্রীয়ে ভূয়সী প্রশংসা কৰে৷

উল্লেখ্য যে নৱনির্মিত এই ক্রিকেট গ্রাউণ্ডক ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে চলিত ঘৰুৱা ছিজনৰ জুনিয়ৰ ক্রিকেট আৰু মহিলা ক্রিকেট আয়োজনৰ বাবে অনুমোদন জনাইছে৷ অনুষ্ঠানত ক্রীড়ামন্ত্রী বিমল বৰা আৰু গৃহ নির্মাণ তথা নগৰ পৰিক্রমা বিভাগৰ মন্ত্রী অশোক সিংহল, আৰক্ষীৰ যুটীয়া আয়ুক্ত পার্থসাৰথি মহন্ত আদি উপস্থিত থাকে৷

You might also like